এতিয়াৰে পৰা দেশত ৰাজ্য ভেদে সংখ্যালঘুৰ মৰ্যাদা নিৰূপিত হ’ব! ৰাজ্যখনৰ ধৰ্মীয় আৰু ভাষিক জনসংখ্যাৰ আধাৰত ভিত্তি কৰিহে সংখ্যালঘুৰ মৰ্যাদা নিৰূপণ কৰাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, যদিহে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যত যেনে নাগালেণ্ড, মেঘালয় আদিত খ্ৰীষ্টানকে সংখ্যালঘু বুলি গণ্য কৰা হয় সেয়া ন্যায়ৰ উপহাস। পঞ্জাবত শিখসকলক সংখ্যালঘু বুলি গণ্য কৰা কাৰ্যকো সমালোচনা কৰে সৰ্বোচ্চ ন্যায়ালয়ে। একাধিক ৰাজ্যত হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰাৰ পোষকতা কৰি উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল জনস্বাৰ্থ জড়িত আবেদন।
সেই PILৰে শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ইউ ইউ ললিতৰে গঠিত বিচাৰপীঠে এই স্থিতি আগবঢ়ায়। হিন্দুসকলৰ কাৰণে জম্মু আৰু কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, অৰুণাচল, লক্ষদ্বীপ, লাডাখ, পঞ্জাব আৰু মণিপুৰত সংখ্যালঘুৰ মৰ্যাদা বিচাৰে আবেদনকাৰীয়ে। এই গোটেইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত খ্ৰীষ্টান, শিখ, মুছলমান নতুবা বৌদ্ধ ধৰ্মীয় লোক সংখ্যাগৰিষ্ঠ। আবেদনকাৰীয়ে লগতে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০এ প্ৰদান কৰা ইচ্ছা অনুযায়ী সংখ্যালঘু শিক্ষানুষ্ঠান খোলাৰ অধিকাৰ হিন্দু সকললৈ সম্প্ৰসাৰণ কৰাৰ পোষকতা কৰে।