পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ভোলাগাও গাওঁ পঞ্চায়তখনক এখন আদৰ্শ গাওঁ পঞ্চায়তলৈ উন্নীতকৰণ কৰা হব বুলি ইতিপূৰ্বে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ঘোষণা কৰাৰ লগতে যাবতীয় কাম কাজ আৰম্ভ কৰিছে। সেই কাম সমুহৰ পৰ্যালোচনা কৰিবৰ বাবে ১৭ জুলাইত ৰাণীৰ মৈৰাপুৰ প্ৰাথমিক বিদ্যলয়ত সাংসদ আদৰ্শ গ্ৰাম্য যোজনা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়।
সভাত সাংসদ কুইন ওজা, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত মন্নী কলিতা,ৰানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আজিজা ছাবেনুৰ বেগম, দক্ষিণ ভোলাগাওঁ গাওঁ পঞ্চয়তৰ সভাপতি, সচিবৰ উপৰিও বিভিন্ন বিভাগৰ কেবাজনো বিষয়া উপস্থিত আছিল। সভাত সাংসদ কুইন ওজাই পথ নিৰ্মাণ আৰু বিভিন্ন উন্নয়ন মুলক কামৰ বুজ লয়। লগতে বিদ্যাল়য় সমূহত ফল মুলৰ গছ পুলি ৰোপনৰ বাবে আহ্বান জনাই। তেনেদৰে বাহিৰৰ আৰ্থিক ভাবে লাভবান হবৰ বাবে পশু পালন, মীন পালনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। সভাৰ অন্তত সাংসদ কুইন ওজাই উপায়ুক্ত আৰু বিষয়া সকলক লগত লৈ কিছু নিলগত গাৰোপাৰাত চলি থকা অমৃত সৰোবৰ পৰিদৰ্শন কৰি কামৰ বুজ লয়।