অসম বিধানসভাত চোৰ! চোৰে তাঁৰ কাটি দিয়াৰ লগে লগে আজি অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পোনপটীয়া প্ৰচাৰ বন্ধ হৈ যায়। ইতিমধ্যে দিচপুৰ আৰক্ষী চকীত বিধানসভা কাৰ্যালয়ে চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, কোনো দুৰ্বৃত্তই অসম বিধান সভাৰ কাৰ্যালয়ৰ কেৱল টিভিৰ তাঁৰ কাটি দিয়াত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পোনপটীয়া প্ৰচাৰ বন্ধ হৈ যায়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইদৰে দুৰ্বৃত্তৰ প্ৰৱেশে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আনহাতে, এয়া প্ৰথমবাৰৰ বাবে ঘটা ঘটনা নহয়,যোৱা ৯ মাৰ্চতো অনুৰূপ ঘটনা সংঘিটত হৈছিল। সেইদিনাও ভৱনৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই বিধানসভা হলৰ ভিতৰ আৰু বাহিৰ দুয়ো স্থানতে কেৱল তাঁৰ কাটি পেলাইছিল, ঘটনাটো সংঘটিত কৰি থকা চিচিটিভি ফুটেজ আছে আৰু তাত দুৰ্বৃত্তই তাঁৰ কাটি থকা দেখা গৈছে।
বিধান সভা ভৱনৰ ভিতৰত দুৰ্বৃত্তৰ প্ৰৱেশৰ দৰে ঘটনাৰ তীব্ৰ আৰু জৰুৰী তদন্ত বিচাৰি ইতিমধ্যে আৰক্ষীক গোচৰ দিয়া হৈছে। খোদ বিধানসভাই সুৰক্ষিত নোহোৱাৰ ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে।