প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত অতি সক্ৰিয় হৈ পৰা ভূপেন বৰাই যুক্তি তৰ্কৰে শাসক পক্ষক উভতি ধৰিছে। কিন্তু ভূপেন বৰাৰ এই তীৰ্যক মন্তব্যই হওক বা তীক্ষ্ণ সমালোচনাই হওক এই সকলোবোৰৰ উৰ্ধত তেওঁৰ কবিতা। এইবাৰ আকৌ কবিতা লিখিছে ভূপেন বৰাই। পঢ়ক ভূপেন বৰাৰ দ্বিতীয়টো কবিতা-
ৰাজ্যসভাৰ নিৰ্বাচন শেষ হ’ল যদিও ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক শেষ হোৱা নাই। এতিয়াও সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া দি আছে অন্যান্য ৰাজনীতিবিদৰ লগতে ভূপেন বৰাই। ব্যস্ততাৰ মাজতো ভূপেন বৰাই লিখি উলিয়ালে তেওঁৰ দ্বিতীয়টো কবিতা। মই ফায়াৰ বিগ্ৰেড শীৰ্ষক কবিতাৰে অলপতে ৰাজ্যৰ ৰাজনীতি গৰম কৰি তোলা ভূপেন বৰাই প্ৰথম কবিতাৰ জনপ্ৰিয়তাৰ পিছত এতিয়া তেওঁৰ দ্বিতীয়টো কবিতা ৰাজসভা লিখি উলাইছে। শনিবাৰে গহপুৰৰ নিজা বাসভৱনত এক সংবাদ মেল সম্বোধন কৰি উন্মোচন কৰা এই ৰাজসভা কবিতাৰ বিষয়বস্তু শেহতীয়া অসমৰ ৰাজ্যসভাৰ নিৰ্বাচন।