টেট পৰীক্ষাত গ্ৰেচ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা প্ৰাৰ্থীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে। গ্ৰেচ মাৰ্ক ব্যৱস্থাক উচ্চ ন্যায়লয়ে ঘোষণা কৰিলে অবৈধ। ফলত, বৰ্তমান অনিশ্চয়তাত গ্ৰেচ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকৰ চাকৰি। ১,৩৮১ গৰাকী গ্ৰেচমাৰ্কপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম বাতিল হোৱাৰ সম্ভাৱনা। আনহাতে, উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে নৱ নিযুক্ত স্নাতক শিক্ষকৰ যোগদান প্ৰক্ৰিয়াও স্থগিত ৰখা হৈছে।
আনহাতে টেটত গ্ৰেচমাৰ্ক লাভ কৰা বহুসংখ্যকে স্নাতক শিক্ষক হিচাপে ইতিমধ্যে কৰ্মৰত হৈ আছে। এতিয়া যিহেতু উচ্চ ন্যায়ালয়ে গ্ৰেচমাৰ্ক ব্যৱস্থাক অবৈধ আখ্যা দিছে, গতিকে কৰ্মৰত সহস্ৰাধিক স্নাতক শিক্ষকে চাকৰি হেৰুৱাব নেকি তাকে লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে নৱনিযুক্ত স্নাতক শিক্ষকৰ যোগদান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। উল্লেখ্য যে, ১৪ মেত ২০২১ স্নাতক শিক্ষকক নিযুক্তি দিছিল চৰকাৰে।