মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত সপ্তাহত তিনিদিন কণী দিয়াৰ কথা প্ৰকাশ কৰিছে। স্বাস্থ্যবান শিশু, স্বাস্থ্যকৰ ভৱিষ্যতৰ কথা কৈ তেওঁ সামাজিক মাধ্যমত এইদৰে লিখিছে,
স্বাস্থ্যবান শিশু, স্বাস্থ্যকৰ ভৱিষ্যৎ!
আমি এতিয়া চাহ বাগিচাৰ বিদ্যালয়সমূহৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত তিনিবাৰ কণী প্ৰদানৰ ব্যৱস্থা কৰিছোঁ
এই কণমানিসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা দেখি সন্তোষিত হৈছোঁ।