হেডলাইন৮ বিশেষঃ ক’ৰোনা চলি আছে, হয়তো চলি থাকিব। ইয়াৰ লগত আমি ক্ৰমাৎ অভ্যস্ত হৈ পৰিম।
কিন্তু ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈও আৰু বেছি দিন নাই। আমাৰ নতুন অনুষ্ঠান “এইবাৰ টিকট কাৰ”ৰ বিগত দুটা খণ্ডত আমি ক্ৰমে পূৱ গুৱাহাটী আৰু নগাওঁ সদৰ সমষ্টিৰ টিকটৰ দাবীদাৰৰ বিষয়ে আলোচনা কৰিছিলো। এইবাৰৰ খণ্ডত আমি যোৰহাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো।
ইতিমধ্যেই জিলাখনৰ ৰাজনৈতিকভাৱে সক্ৰিয় মানুহখিনিৰ মাজত আগন্তুক নিৰ্বাচনক লৈ আলাপ আলোচনা আৰম্ভ হৈছে।
যোৰহাট জিলাখন এইবাৰৰ আলোচনাত লোৱাৰ এটাই কাৰণ যে এই জিলাখন কোনো এটা নিৰ্দ্দিষ্ট দলৰে একক দখলত নাই। অৰ্থাৎ যোৰহাটত প্ৰায়েই মুখৰোচক ৰাজনীতি চলে। ইয়াৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত দুটা সমষ্টি আছে বিজেপিৰ মিত্র দল অগপৰ দখলত, এটা বিজেপিৰ দখলত আৰু দুটা কংগ্রেছৰ দখলত।
কিন্তু আমোদজনকভাৱে, যোৱাটো নির্বাচনত প্রার্থিত্ব প্রদানত যদি বিসংগতি নহ’লহেতেন, তেন্তে সমগ্ৰ যোৰহাট জিলাখনেই অগপ-বিজেপিয়ে দখল কৰাৰ পূর্ণ সম্ভাৱনা আছিল৷
পৰিস্থিতি কিন্তু এতিয়াও সলনি হোৱা নাই। দলীয় নেতৃত্বই যদিহে এইবাৰ পূৰ্বৰ ভুলৰ শুধৰণি কৰিব পাৰে তেন্তে অগপ-বিজেপিয়ে আটাইকেইটা সমষ্টিতেই বিৰোধীক এইবাৰো বিপদত পেলাব।
আমাৰ খবৰ অনুসৰি, যোৱাবাৰ আসন ভাগ-বাটোৱাৰাৰে বিজেপিয়ে অগপক দুটা সমষ্টি এৰি দিছিল। কিন্তু এইবাৰ নির্বাচনত বিজেপিয়ে এটা সমষ্টিহে এৰি দিব৷ ৰাজ্যৰ ভিতৰতেই প্ৰতিবাৰেই ৰোমাঞ্চকৰ ৰাজনৈতিক যুঁজ দেখা পাওঁ যোৰহাট বিধানসভা সমষ্টিত। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব।
যোৰহাট বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়েই এইবাৰো দলীয় টিকট লাভ কৰাৰ সম্ভাৱনা অধিক। ব্যক্তিগত ভাৱমূৰ্তিয়েই ৰাজনীতিত শেষ কথা। এইগৰাকী বিধায়ক বিজেপিৰ দিল্লী-দিছপুৰৰ শীর্ষ নেতৃত্বৰ ‘গুড বুক’ত নাথাকিলেও, কেশৱ ধামৰ হিটলিষ্টত নাথাকিলেও শক্তিশালী বিকল্পৰ অভাৱতেই পুনৰ প্ৰক্ষেপ কৰা হ’ব গোস্বামীক। ইতিমধ্যেই চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা গোস্বামীৰ বিপৰীতে শেহতীয়াকৈ যোৰহাট জিলা সমিতিৰ প্রাক্তন সভাপতি শান্তনু পূজাৰীৰ নাম উচ্চাৰিত হৈছে যদিও ব্যক্তিগত ভাৱমূৰ্তি, শেহতীয়া সামাজিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোস্বামীৰ সমপৰ্যায়ৰ যে নহয় সেয়া নিশ্চিত হৈছে। বিগত নিৰ্বাচনত ৰাণা গোস্বামীৰ বিৰুদ্ধে মাত্ৰ ১৩০০০ ভোটত জয়লাভ কৰা হীতেন গোস্বামীকেই দলীয় নেতৃত্বই পুনৰ অগ্ৰাধিকাৰ দিব। আনফালে এলডিপিৰ প্ৰদ্যুৎ বৰাই এইবাৰো কোনো ফেক্টৰ সৃষ্টি কৰিব নোৱাৰিব।
আমি পূৰ্বৰে পৰা দেখি আহিছো যে যোৰহাটত প্রতিবাৰেই মূল যুঁজখন হয় কংগ্রেছ আৰু আন মিত্রজোঁটৰ মাজত। আৰু সমষ্টিটোত কংগ্রেছৰ হৈ সদায়েই শক্তিশালী যুঁজ দি আহিছে পূর্বৰ দুবাৰৰ বিধায়ক ৰাণা গোস্বামীয়ে৷ গোস্বামীয়ে ইতিমধ্যেই সমষ্টিটোত নির্বাচনী কুচ-কাৱাজ আৰম্ভও কৰিছে। স্বাভাৱিকতে এইবাৰো কংগ্ৰেছৰ টিকট যাব ৰাণা গোস্বামীলৈ।
এইবাৰ আহো তিতাবৰ সমষ্টিলৈ –
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সমষ্টি তিতাবৰত এইবাৰ কিন্তু কংগ্রেছে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ বর্তমানৰ বিধায়ক হিচাপে তৰুণ গগৈৰ গণ বিচ্ছিন্নতা আৰু সমষ্টিটোৰ উন্নয়নৰ প্রতি গগৈয়ে পিঠি দিয়াৰ পৰিণতি কিন্তু অহাটো নির্বাচনত কংগ্রেছে ভুগিব লাগিব।
এটা ভিতৰুৱা খবৰ দিও, তিতাবৰৰ পৰা এইবাৰ তৰুণ গগৈৰ পৰিৱর্তে নিৰ্বাচন খেলিব পুত্র গৌৰৱ গগৈয়ে। আনকি ভাতৃ দীপ গগৈক কলিয়াবৰৰ পৰা আনি তিতাবৰত প্ৰক্ষেপ কৰাৰ গুজবো ওলাইছে। অৱশ্যে এই ক্ষেত্রত তৰুণ গগৈয়েই শেষ সিদ্ধান্ত ল’ব৷ তথাপি তিতাবৰ সমষ্টি নিজ দখলৰ ৰখাৰ আপ্ৰাণ চেষ্টা কৰিব কংগ্ৰেছে। সেই দিশৰ পৰা আমি কংগ্ৰেছৰ ফালৰ পৰা টিকট দিছো গৌৰৱ গগৈক।
আনফালে তিতাবৰত বিজেপিৰ অন্যতম শক্তিশালী দাবীদাৰ হ’ল সমষ্টিটোৰ প্রাক্তন বিধায়ক হেমন্ত কলিতা৷ কলিতাই বিভিন্ন সময়ত সক্ৰিয় ভুমিকা পালন কৰি আহিছে যদিও এইক্ষেত্ৰত বিধি পথালি আনিছে কৃষ্ণমণি চুতীয়া আৰু কুমুদ কছাৰীয়ে। কৃষ্ণমণি চুতীয়া হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পচন্দৰ প্রার্থী, আনহাতে ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা শিবিৰৰ প্রার্থী কুমুদ কছাৰী। কছাৰী ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰো মুখ্য কার্যবাহী বিষয়া। পিছে কোটিটকীয়া এক কেলেংকাৰীত অভিযুক্ত হৈ তদন্তৰ আওতাত আছে কুমুদ কছাৰী। এনে পৰিস্থিতিত বিজেপিয়ে কাক দিব টিকট?হেডলাইন ৮ ৰ চৰজমিন সমীক্ষাত লাভ কৰা তথ্য অনুসৰি আমি টিকট দিছো ৰঞ্জিত দাসৰ প্ৰাৰ্থী কৃষ্ণমণি চুতীয়াক।
তৃতীয় তথা গুৰুত্বপূৰ্ণ সমষ্টি মৰিয়ণীলৈ আহিছো –
চাহ বাগিচাৰ ভোটাৰৰ প্রাধান্য থকা জিলাখনৰ মৰিয়নি সমষ্টিয়ে ৰাজনৈতিক বিশ্লেষকসকলক বিশেষভাৱে আকৰ্ষণ কৰিছে। কাৰণ – ৰূপজ্যোতি কুৰ্মী। বৰ্তমানৰ বিধায়ক কুৰ্মীক উৎখাত কৰাটো বিজেপিৰ বাবেও সহজ নহ’ব। পিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক আছে এইজন বিধায়কৰ। এনে ক্ষেত্ৰত মন্ত্ৰীত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে কুৰ্মীক যদি বিজেপিয়ে দলত যোগদান কৰাব পাৰে তেন্তে এই সমষ্টিটো কংগ্ৰেছৰ জোলোঙাৰ পৰা উলিয়াই নিবলৈ কষ্ট নহ’ব বিজেপিৰ বাবে। কিয়নো বিগত নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খোৱা দুলেন নায়কক লৈ বিজেপিয়ে আৰু সম্পৰীক্ষা নচলায়।
এইখিনিতে কৈ থওঁ, কুৰ্মীয়ে যোৱাটো নিৰ্বাচনত এনচিপিৰ আলোক কুমাৰ ঘোষৰ বিৰুদ্ধে কিন্তু মাত্ৰ ১৭০০ ভোটতহে জয়লাভ কৰিছিল। এনেক্ষেত্ৰত বিজেপিত যোগদান কৰি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব ৰূপজ্যোতি কূৰ্মীয়ে। গতিকে এনে পৰিস্থিতিত দলীয় টিকটৰ নিশ্চিতিৰ বাবে আমি কিছু অপেক্ষা কৰিব লাগিব।
অহা খণ্ডত যোৰহাট জিলাৰ আন দুটা সমষ্টি ক্ৰমে টীয়ক আৰু দেৰগাঁৱত কোনে টিকট লাভ কৰিব সেই সন্দৰ্ভত আলোচনা আগবঢ়াম। চাই থাকিব হেডলাইন ৮।