• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইবাৰ টিকট কাৰ? – নগাওঁ সদৰ সমষ্টি

Manoranjan Majumder by Manoranjan Majumder
July 30, 2020
in ৰাজনীতি
1 min read
0
ticket kaar
Share on FacebookShare on Twitter

হেডলাইন৮ বিশেষঃ অসম বিধানসভা নিৰ্বাচন ২০২১৷ পূৱ গুৱাহাটীৰ দৰেকৈ নগাঁও সদৰ সমষ্টিতো দুই বিজেপি নেতা ৰূপক শৰ্মা আৰু ৰাজেন গোঁহাইৰ মাজত হ’ব টিকট লাভৰ ৰণকৌশল। লবীকেন্দ্ৰিক বিষয় ইয়াতো আহিব। জ্যেষ্ঠতাৰ ভিত্তিত ৰাজেন গোঁহাইয়ে শেষনিশাৰ ৰণ জিকাৰ সম্ভাৱনা আছে। তেনেস্থলত ৰূপক শৰ্মাৰ ভৱিষ্যৎ কোন দিশে? নে ৰীতা গোঁহাই বা নবাৰুণ গোঁহাই প্ৰক্ষেপ কৰি বিৰোধীৰ বাবে বিজেপিয়ে উজু কৰি দিব যুঁজ?

নমস্কাৰ, ‘এইবাৰ টিকট কাৰ’ অনুষ্ঠানৰ এইবাৰৰ খণ্ডত আমি আগবঢ়াইছো নগাওঁ সদৰ সমষ্টি।

প্ৰথমেই আমি সমষ্টিটোৰ ভোট বিন্যাসলৈ চালে বুজিম যে এই সমষ্টিটোও কংগ্ৰেছ-বিজেপি অধ্যুষিত সমষ্টি। অৱশ্যে শেহতীয়াকৈ এআইইউডিএফৰ উত্থানে অনাগত নিৰ্বাচনত যে সমীকৰণত আউল লগাব সেয়া নিশ্চিত।

বিগত নিৰ্বাচনত এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা কংগ্ৰেছৰ ডাঃ দুৰ্লভ চমুৱাৰ বিৰুদ্ধে মাত্ৰ ১৩০০০ ভোটতহে জয়লাভ কৰিছিল।

মুঠ ভোটাৰৰ সংখ্যা১৪০৬৫৫
ৰূপক শৰ্মা – ৬৬৭০৬ টা ভোট
ডাঃ দুৰ্লভ চমুৱা – ৫৩৪৪৩ টাভোট

আনফালে যদিহে কংগ্ৰেছৰ সৈতে অনাগত নিৰ্বাচনত বদৰুদ্দিন আজমলে মিত্ৰতা স্থাপন কৰে তেন্তে বিজেপিৰ বাবেও কিন্তু নিৰ্বাচনী বৈতৰণী সহজে পাৰ কৰা সম্ভৱ নহ’ব। ৰণ এইবাৰ নগাওঁ সদৰত কঠিন হ’ব।

প্ৰথমেই আহো বিজেপিলৈ। আপোনালোকৰো সম্ভৱতঃ মনত আছে বিগত লোকসভানির্বাচনত হঠাতেনাৰীজনিতবিতর্কতসোমাই পৰিছিল জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই।

যাৰ ফলত দলীয় প্রাৰ্থীত্বৰ পৰা বঞ্চিত হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোঁহাই।

পত্নী ৰীতা গোঁহাইক লোকসভা সমষ্টিটোৰ পৰা প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল যদিও ৰূপক শৰ্মাৰ চিপৰাং ৰাজনীতিত অন্তিম সময়ত নিৰাশ হৈছিল প্রাক্তন সাংসদ গোঁহাই।

পিছে এইবাৰ ৰূপক শর্মাৰ ওপৰত পোটক তুলিবলৈ এই প্রাৰ্থীত্বৰ যুঁজখনত অৱতীর্ণ হ’ব গোঁহাই৷ শেহতীয়াকৈ গোঁহাইক যথেষ্ট সক্ৰিয় হৈ উঠাও দেখা গৈছে। আমাৰ ক্ষেত্ৰভিত্তিক সমীক্ষাৰ পৰা লাভ কৰা  এক খবৰ, ৰাজেন গোহাঁইয়ে পত্নী ৰীতা গোহাঁই অথবা পুত্র নবাৰুণ গোহাঁইকো প্রার্থী হিচাপে আগবঢ়াই দিয়াৰ ইচ্ছা ব্যক্ত কৰিব পাৰে দলীয় নেতৃত্বক। অৱশ্যে গোঁহাইৰ এনে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক, দলীয় নেতৃত্বই গ্ৰহণ কৰিব নে নাই সেয়া লক্ষণীয় হ’ব। পিছে নগাওঁ সদৰত যিহেতু যুঁজ কঠিন হ’ব, গতিকে ৰাজেন গোঁহাইকে অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে।

হেডলাইন ৮ ৰ তৰফৰ পৰা অহা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নগাওঁ সদৰত টিকট দিছো ৰাজেন গোঁহাইক।

ডাঃদুর্লভ চমুৱা, কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰভাৱশালী বিধায়কজন পৰাস্ত হৈছিল মাত্ৰ ১৩ হেজাৰ ভোটত। শেহতীয়া পৰিস্থিতিলৈ চাই কংগ্ৰেছে নগাওঁ সদৰত যে পুনৰ ডাঃ চমুৱাকে প্ৰক্ষেপ কৰিব সেয়া প্ৰায় নিশ্চিত। অৱশ্যে বিজেপিৰ দৰে কংগ্ৰেছটো টিকট প্ৰাপ্তিৰ এক ভিতৰুৱা ৰণ ইতিমধ্যেই আৰম্ভ হৈ গৈছে।

সমষ্টিটোৰ পৰা ডাঃ চমুৱাৰ উপৰিও প্রাক্তন মন্ত্রী মুকুট শর্মাৰ পুত্র শান্তনু শর্মায়ো টিকট বিচাৰিছে। আনফালে একেটা স্থানৰ পৰাই অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকায়ো টিকট বিচাৰিছে৷ গণভিত্তি আৰু দলীয় লবীৰ আশীষপুষ্ট ডাঃ দুৰ্লভ চমুৱাই টিকট লাভৰ ৰণ জিকাটো নিশ্চিত।

আন এটা দিশৰ পৰা সমষ্টিটোৰ নিৰ্বাচনী ৰণ বিশেষ আকৰ্ষণীয় হৈ পৰিব। কিয়নো এআইইউডিএফে সমষ্টিটোত যদিহে প্রার্থী দিয়ে তেন্তে প্ৰক্ষেপ কৰিব কোনো নতুন মুখৰ প্রার্থী।  আনফালে বিজেপিৰ সৈতে মিত্রজোঁট যদিহে নিটিকে তেন্তে অগপৰ প্রার্থী ৰূপে থিয় হ’ব প্রাক্তন বিধায়ক গিৰীন্দ্র কুমাৰ বৰুৱা

বাৰু যিয়েই নহওঁক, অগপ-বিজেপিৰ মিত্রতা অব্যাহত থাকিলে নগাঁৱৰ বিজেপিৰ সম্ভাৱনা অধিক যদিও কংগ্রেছৰ সৈতে এআইইউডিএফৰ মিতিৰালি হ’লে যুঁজখন আকর্ষণীয় হৈ পৰিব৷

 

Previous Post

গৃহ মন্ত্ৰালয়ৰ আনলক-৩ৰ নতুন নীতি নিৰ্দেশনা

Next Post

১৫ আগষ্টলৈ অসমত আনলকত থাকিব সীমাৱদ্ধতা

Related Posts

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
HBS

১৫ আগষ্টলৈ অসমত আনলকত থাকিব সীমাৱদ্ধতা

school

আগন্তুক বৰ্ষৰ পৰা অসমৰ বিদ্যালয়সমূহত বাধ্যতামূলক হ’ব অসমীয়া ভাষা

HBS

১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ চিন্তা–চর্চা ৰাজ্য চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8