আজি ১ মে’, শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয় । বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিনটো উদযাপন কৰা হয়। ১৮৮৯ চনৰ আন্তৰ্জাতিক সমাজবাদী ফেডাৰেচন দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১ মে’ৰ দিনটো প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই সিদ্ধান্তৰ অন্তৰালত আছিল ১৮৮৬ চনত আমেৰিকাৰ হেইমাৰ্কেটত সংঘটিত এটি দুৰ্ঘটনা ।
১৮৮৬ চনত চিকাগোত হোৱা হেমাৰ্কেট সংঘৰ্ষৰ ফলত কেইবাজনো শ্ৰমিকৰ মৃত্যু হয় আৰু ইয়াৰ ফলত উন্নত শ্ৰম আইন আৰু সুৰক্ষাৰ বাবে আন্দোলনৰ সূচনা হয়। ১৮৮৯ চনত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছে হেমাৰ্কেটৰ ছহিদসকলক সন্মান জনোৱাৰ লগতে শ্ৰমিক আন্দোলনৰ কৃতিত্ব উদযাপনৰ বাবে ১ মে’ তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে ঘোষণা কৰে। বহু দেশত মে’ দিৱস শ্ৰমিকৰ অধিকাৰৰ লগতে এক সংস্কৃতি হিচাপেও উদযাপন কৰা হয়। কিয়নো বসন্তৰ আগমন আৰু জীৱনৰ নবীকৰণৰ লগত ইয়াৰ সম্পৰ্ক আছে। কিছুমান দেশত ইয়াক নৃত্য আৰু গীতৰ দ্বাৰা মে দিৱস উদযাপন কৰা হয়।