শিশু হৈছে ভগৱানৰ উপহাৰ। ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে পাব লাগে সমান অধিকাৰ। কিন্তু বহুসময়ত কন্যা শিশুৰ প্ৰতি বিভিন্ন ৰাজ্যত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয়৷ কন্যা শিশুৰ প্ৰতি মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ উদ্দেশ্যৰে ভাৰতত পালন কৰা হয় ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।
২৪ জানুৱাৰী দিনটো কন্যা শিশুৰ বাবে উচৰ্গিত এটা দিন। প্ৰত্যেক বছৰৰ ২৪ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।’
ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্য ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় এই দিৱস।