আজি ১২৮ বছৰ পাৰ কৰিলে ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহে। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত সংঘটিত হৈছিল কৃষক বিদ্ৰোহ। খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ বৃটিছৰ গুলীত শ্বহীদ হৈছিল ১৪০ জন কৃষক।
পথৰুঘাটত প্ৰাণ হেৰুওৱা শ্বহীদ কৃষকৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে আজিৰ দিনটোত পালন হৈ আহিছে কৃষক শ্বহীদ দিৱস। ২০১৭ চনৰ পৰা এই কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰা হৈ আহিছে। আজি ১২৮ সংখ্যক কৃষক শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে শ্বহীদলৈ প্ৰণাম জনাই লিখিছে- “পথৰুঘাটৰ কৃষক ৰাইজে ব্ৰিটিছৰ অত্যাচাৰ, শোষণৰ বিৰুদ্ধে অসীম বীৰত্বৰে যুঁজি এক নজিৰ স্থাপন কৰিছিল। পথৰুঘাটৰ এই ত্যাগ ভাৰত বুৰঞ্জীৰ পাতত জিলিকি থাকিব সোণালী আখৰেৰে। আজি পৱিত্ৰ দিনটোত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া পথৰুঘাটৰ বীৰ শ্বহীদসকললৈ যাচিলোঁ শত সহস্ৰ নমন”।।