আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩১ তম মৃত্যু বাৰ্ষিকী ৷ তদুপলক্ষে বীৰ ভূমি স্মাৰকত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধীৰ লগতে বহু কেইগৰাকী কংগ্ৰেছ নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
উল্লেখ্য যে, ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এলটিটিই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল।
পিতৃৰ মৃত্যু তিথিৰ দিনাই ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে লিখিছে যে- ‘মোৰ দেউতা এজন দূৰদৰ্শী নেতা আছিল যাৰ নীতিয়ে আধুনিক ভাৰতক গঢ় দিয়াত সহায় কৰিছিল। তেওঁ এজন সহানুভূতিশীল আৰু দয়ালু ব্যক্তি আছিল। মোৰ আৰু প্ৰিয়ংকাৰ বাবে এজন সুন্দৰ পিতৃ আছিল, যিয়ে আমাক ক্ষমা আৰু সহানুভূতিৰ মূল্য শিকাইছিল। মই তেওঁক বহুত মনত পেলাইছিলো আৰু আমি একেলগে কটোৱা সময়বোৰ মৰমেৰে মনত ৰাখিছো।’
My father was a visionary leader whose policies helped shape modern India.
He was a compassionate & kind man, and a wonderful father to me and Priyanka, who taught us the value of forgiveness and empathy.
I dearly miss him and fondly remember the time we spent together. pic.twitter.com/jjiLl8BpMs
— Rahul Gandhi (@RahulGandhi) May 21, 2022