আজি মহামানৱ, জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৪ তম মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজঘাটস্থিত সমাধিস্থান পৰিদৰ্শন কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট যোগে মহাত্মাগান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গান্ধীৰ প্ৰিয় ভজন ৰঘুপতি ৰাঘৱ ৰাজা ৰাম আৰু গান্ধীৰ ফটো শ্বেয়াৰ কৰি ৰাহুলে লিখিছে, এজন হিন্দুত্ববাদীয়ে গান্ধীজীক গুলীয়াইছিল। সকলো হিন্দুত্ববাদীয়ে অনুভৱ কৰে যে, গান্ধীজী আৰু নাই। য’ত সত্য আছে, বাপু আজিও জীয়াই আছে।
উল্লেখ্য যে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে গান্ধীক গুলীয়াই হত্যা কৰিছিল। ৰাজঘাটত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজনাথ সিঙকে ধৰি বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীকে ধৰি বহু কেইগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰাৰ উপৰিও গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।