আজি বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ’বলগীয়া সদনত ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ১২ ছেপ্টেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। সোমবাৰেও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সদনত উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰুৱা সহায়কক লৈ চৰকাৰে অচিৰেই নতুন আইন আনিব বুলিও মন্তব্য কৰে।
১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সামৰণি পৰিব ১৯ ছেপ্টেম্বৰত।