কামৰূপ মহানগৰ জিলাত বৰ্তমানেও বৃহৎ সংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে নথিপত্ৰ নৱীকৰণ নকৰাকৈ অবৈধ আৰু অসুৰক্ষিত ভাৱে ৰাজপথত চলি থকাৰ তথ্য পোহৰলৈ আহিছে।
এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিবহণ বিষয়া গৌতম দাসে যান-বাহনৰ যাৱতীয় কৰ আদায় দিয়াৰ বাবে বাহনৰ গৰাকীসকলৰ পূৰ্ণ সহযোগিতা আহ্বান কৰি কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰ পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো পৰিবহণ ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰিবলৈ চেষ্টা চলাইছে। সেয়ে এনে গুৰুত্বপূৰ্ণ সময়ত যান-বাহনৰ যাৱতীয় কৰ অহা ৩১ ডিচেম্বৰৰ ভিতৰত পৰিশোধ কৰাৰ লগতে যান-বাহনৰ নথিপত্ৰ সমূহ নৱীকৰণ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ যান-বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনোৱা হৈছে। অন্যথা মহানগৰীৰ ৰাজপথত শীঘ্ৰে অভিযানত নামিব বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ অভিযানকাৰী দল। ইফালে অতিৰিক্ত জৰিমনাৰ সন্মুখীন হ’ব লাগিব যাৱতীয় কৰ অনাদায়ী যান-বাহনৰ মালিক৷