অসম চৰকাৰৰ পৰিবহণ বিভাগে “মিছন চাৰখাৰ” নামৰ এক কাৰ্যসূচীৰ জৰিয়তে পহিলা ফেব্ৰুৱাৰীৰ পৰা যি সকল যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰকে ধৰি যাবতীয় কৰ – কাটল আদায় নিদিয়াকৈ ৰাজপথত বাহন চলাই আহিছে তেওঁলোকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে। এই অভিযানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে কেৱল গুৱাহাটী মহানগৰীতে বিভিন্ন ৰাজপথত বিগত তিনিটা দিনত অভিযান চলায় বিভাগক এক কোটি টকাতকৈ অধিক টকাৰ কৰ আদায় দিয়াৰ লগতে বহু যান-বাহন জব্দ কৰাৰ লগতে বাহনৰ গৰাকীলৈ জাননী জাৰি কৰিছে। আনহাতে গুৱাহাটী মহানগৰীত শতাধিক বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীক অনা নিয়া কৰা এক হাজাৰৰো অধিক স্কুল বাছ তথা আন শ্ৰেণীৰ বাহনে প্ৰায় ১০ কোটি টকাৰ বকেয়া কৰ আদায় দিবলৈ থকাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলামৰ আহ্বান মৰ্মে শুকুৰবাৰে পৰিবহণ বিভাগৰ বেতকুছিস্থিতি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত স্কুল বাছৰ প্ৰতিনিধি, কেইবাখনো বিদ্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে স্কুল বাছৰ প্ৰতিনিধি, বিদ্যালয়ৰ প্ৰতিনিধিসকলক তেওঁলোকে পৰিবহণ বিভাগক দিবলৈ বাকী থকা বকেয়া কৰ সমূহ অহা ২৮ ফেব্ৰুৱাৰীৰ আগতে পৰিশোধ কৰিবলৈ আহ্বান জনায়। আনহাতে পুলক গোস্বামীকে ধৰি কেবাজনো প্ৰতিনিধিয়ে বিগত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ক’ভিডৰ বাবে বিদ্যালয়সমূহৰ বহু শ্ৰেণী বন্ধ হৈ থকাৰ বাবে বহু স্কুল বাছৰ প্ৰায় দুবছৰ ধৰি চকা ঘূৰাই নাই বুলি সদৰি কৰি এই সময়ছোৱাৰ বকেয়া কৰ ৰেহাই দিবলৈ বা কেবাটাও কিস্তিত পৰিশোধ কৰাৰ সুবিধা দিবলৈ পৰিবহণ বিভাগক অনুৰোধ জনায়। আনকি প্ৰতিনিধি সকলে পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মিছন চাৰখাৰ অভিযানৰ আওতাৰ পৰা স্কুলবাছক ৰেহাই দিবৰ বাবে পৰিবহণ বিভাগক আহ্বান জনায়।