স্বনিৰ্ভৰশীলতাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা নিৰ্বাচিত ২০০ গৰাকী যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অসম চৰকাৰে কেবিনেট সিদ্ধান্তৰ জড়িয়তে ৰাজ্যৰ পৰিবহণ ক্ষেত্ৰলৈ আমুল পৰিবৰ্তন তথা সংস্কাৰ অনাৰ উদেশ্যে ঘোষণা কৰাৰ পিছতেই প্ৰতি বিধানসভা সমষ্টিৰ ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ আচনিৰ অধীনত এইসকল পুৰুষ-মহিলাক প্ৰশিক্ষণ দিয়া হৈছে।
সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰৰ জিলা পৰিবহণ বিষয়া আৰু জিলা বাছনি আৰু নিৰীক্ষণ সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়ামতে মুখ্যমন্ত্ৰীৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে কেইবাটাও বিভাগীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্তত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চাৰিটা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ পৰা বিধায়কৰ অনুমোদন সাপেক্ষে এই ২০০ গৰাকী যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছে৷ ইয়াৰে ৫০ গৰাকী যুৱতী।
প্ৰশিক্ষণৰ বাবে বাছনি কৰা মহানগৰীৰ ৪খন ড্ৰাইভিং ট্ৰেইনিং স্কুলত প্ৰতিখনতে ৫০ গৰাকীকৈ যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত যুৱতী প্ৰশিক্ষাৰ্থী সকলক ৰিহাবাৰীস্থিত মহিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ( আই টি আই ) প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। আনহাতে প্ৰশিক্ষণৰ কালত প্ৰশিক্ষাৰ্থী সকলৰ সকলো তদাৰকৰ বাবে জ্যেষ্ঠ যানবাহন পৰিদৰ্শকদ্বয় দুৰ্গা গগৈ আৰ কানাই মহন্তক দায়িত্ব অৰ্পণ কৰা হৈছে ।
মুখ্যমন্ত্ৰীৰ গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণৰ এই ব্যতিক্ৰমী আচনিখনৰ প্ৰধান উদেশ্যসমূহৰ ভিতৰত যুৱপ্ৰজন্মক লৈ নিয়োগ বা নিযুক্তি সৃষ্টি কৰা, দক্ষতাসম্পন্ন একশ্ৰেণীৰ কৰ্মচাৰী সৃষ্টি কৰা, সুৰক্ষিত আৰু নিৰাপদ যাত্ৰাৰ বাবে বাতাবৰণ গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা আদি উল্লেখযোগ্য ৷ ডেৰমাহজোৰা প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ, গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ লগতে জলপানী প্ৰদান কৰা হ’ব।