বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে আজিৰে পৰা সমগ্ৰ অসমতে অধিক তৎপৰ আৰু কঠোৰ হ’ব ৰাজ্যৰ পৰিবহণ বিভাগ। উল্লেখ্য যে, ৰাজ্যৰ পৰিবহণ বিভাগে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি যান-বাহনৰ গৰাকীসকলক সময়মতে যান-বাহনৰ কৰ পৰিশোধ কৰিবলৈ আহ্বান জনাই আহিছে। তৎস্বত্তেও কৰ আদায় নিদিয়াকৈ ৰাজপথত বহু যান-বাহন চলি থকাৰ কথা পোহৰলৈ অহাত বিভাগৰ এটা উচ্চ-পদস্থ বিষয়াৰ দলে মহানগৰীত কৰ অনাদায় বাহনৰ বিৰুদ্ধে আগন্তুক ৩১ মাৰ্চলৈকে সদলবলে এক অভিযান আৰম্ভ কৰিব৷ পথ পৰিবহণ মন্ত্ৰালয়ে যান-বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা বান্ধি দিয়াৰ পিছটো এতিয়াও কিন্তু গুৱাহাটী মহানগৰীত অত্যাধুনিক যান-বাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়ীক যান-বাহনে ১০০কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ আছে। সেয়ে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়ীক সকলো যান-বাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে এক জোৰদাৰ অভিযান চলাব। উল্লেখ্য যে, এই সময়চোৱাত মহানগৰীৰ যিকোনো ঠাইত, যিকোনো সময়ত যিকোনো উদ্যোগ-প্ৰতিষ্ঠান আৰু ব্যক্তিগত মালিকানাধীন যানবাহনত অতৰ্কিতে অভিযান চলিব। এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব৷