৭৫ সংখ্যক স্বাধীনতা দিৱস তথা অমৃত মহোৎসৱ উপলক্ষে জালুকবাৰী, গুৱাহাটীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শনিবাৰে পুৱা ৯ বজাত সকলো অধ্যাপক, ছাত্ৰছাত্ৰী তথা কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিনীতা ভাগৱতীয়ে পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত সকলোকে কয় যে যিয়ে যি কৰ্মতে নিয়োজিত হৈ আছে, সেই কৰ্ম যদি নিষ্ঠাৰে, সততাৰে পালন কৰে তাতোকৈ ডাঙৰ দেশ মাতৃৰ সেৱা একো হব নোৱাৰে। লগতে দেশৰ অমৃত মহোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে উক্ত দিনাই মহাবিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰা হয়।
বৰ্তমান মহাবিদ্যালয়ত নাকৰ মূল্যায়নৰ বাবে যো-জা চলাই থকা হৈছে। সেয়েহে অহা ২১ আগষ্টত দিনৰ ১১ বজাত প্ৰাক্তন ছাত্ৰছাত্ৰীসকলৰ লগত সোনালী জয়ন্তী, নাকৰ মুল্যায়ন আদি বিষয় আলোচনাৰ বাবে এখন জৰুৰী সভা আয়োজন কৰা হৈছে। প্ৰাক্তন ছাত্ৰছাত্ৰীসকলক উপস্থিত থাকিবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষই আহ্বান জনাইছে।