ত্ৰিপুৰাৰ বিধান সভা নিৰ্বাচনলৈ এটা বছৰ বাকী থকাৰ সময়তে ৰাজনৈতিক মহলক সতচকিত কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁ ইতিমধ্যে পদত্যাগৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, বিপ্লৱ কুমাৰ দেৱ শুক্ৰবাৰে দিল্লীত আছিল আৰু শনিবাৰে ৰাতিপুৱা আগৰতলালৈ উভতি আহিছিল।
“আমাক আচৰিত কৰা হৈছে। নাজানো কিহে তেওঁক প্ৰেৰিত কৰিছিল। কিন্তু নিশ্চিত ভাৱে তেওঁ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰিয়েই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়তো বিজেপি দলৰ কিছু নতুন পৰিকল্পনা থাকিব পাৰে আৰু ই দলটোৰ বাবে ভাল হ’ব,” বিপ্লৱ দেৱৰ কেবিনেটৰ এজন মন্ত্ৰীয়ে এইদৰে সাংবাদিকৰ আগত সদৰি কৰে।
ৰাজ্যখনে ২০২৩ বৰ্ষৰ আৰম্ভণিতেই বিধানসভা নিৰ্বাচনৰ সন্মুখীন হ’ব। বিজেপিৰ সূত্ৰই কৈছে যে, বিধান সভাৰ সদস্যসকলে আজি সন্ধিয়া ৫ বজাত মিলিত হ’ব আৰু নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। “বিদায়ী মুখ্যমন্ত্ৰীক দলৰ আন সাংগঠনিক কামৰ দায়িত্ব দিয়া হব। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু জ্যেষ্ঠ নেতা বিনোদ তাৱদে নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰিব।
কেনে পৰিস্থিতিত পৰি বিপ্লৱ দেৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগা হল সেয়া সময়তহে জানিব পৰা যাব।