IPS বিষয়া অমিতাভ ৰঞ্জনক ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। ১৯৮৮ বেটছনৰ PS বিষয়া অমিতাভ ৰঞ্জন বৰ্তমান দিল্লীৰ ইণ্টেলিজেঞ্চ ব্যুৰো (IB)ৰ বিশেষ সঞ্চালক।
উল্লেখ্যে যে ত্ৰিপুৰাৰ ডি জি পি ভি এছ যাদৱৰ স্থানত অমিতাভ ৰঞ্জনক স্থলাভিষিক্ত কৰা হৈছে। ভি এছ যাদৱৰ কাৰ্যকাল ২০২১ চনৰ মাৰ্চতেই অন্ত পৰিছিল যদিওঁ তেওঁৰ কাৰ্যকাল ২০২২ ৰ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।