৬ মাহৰ বাবে অসমক অশান্ত অঞ্চল ঘোষণা। বিগত ৬টা মাহৰ অসমৰ আইন, শৃংখলাজনিত পৰিস্থিতি পৰ্যবেক্ষণ কৰি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনকে অশান্ত অঞ্চল ঘোষণা কৰিছে।
আজিৰে পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন-১৯৫৮ ৰ ৩ নং ধাৰাৰ অধীনত প্ৰদান কৰা ক্ষমতা অনুসৰি ৰাজ্য চৰকাৰে এই নিৰ্দেশনা প্ৰদান কৰিছে।