গ্ৰীষ্মকালীন সময়ছোৱাত যাত্ৰীৰ অতিৰিক্ত তথা বৰ্দ্ধিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন বিশেষ ৰেল চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে ৰেল দুখন হল ক্ৰমে ০৩১০১ – ০৩১০২ শিয়ালদহ – কামাখ্যা – শিয়ালদহ এক্সপ্ৰেছ আৰু ০৫৮৭০ -০৫৮৬৯ ৰঙাপাৰা নৰ্থ – পুৰী – ৰঙাপাৰা নৰ্থ এক্সপ্ৰেছ। আনহাতে ইয়াৰ ভিতৰত শিয়ালদহ – কামাখ্যা বিশেষ ৰেলখনে বাণ্ডেল-মালদা টাউন- গোৱালপাৰা টাউন হৈ ১৫ এপ্ৰিলৰ পৰা নিশা ৯.৪০ বজাত শিয়ালদহ ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ৰেলখন সপ্তাহৰ প্ৰতি শুকুৰবাৰে অহা ২৪ জুনলৈকে চলাচল কৰিব। তেনেদৰে কামাখ্যা – শিয়ালদহ বিশেষ ৰেলখনে গোৱালপাৰা টাউন–মালদা টাউন-বাণ্ডেল হৈ আজি নিশা ১১.১৫ বজাত কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। অহা ২৫ জুনলৈকে ৰেলখন প্ৰতি শনিবাৰে নিশা ১১ ১৫ বজাত কামাখ্যা ৰেল ষ্টেচনৰ পৰা ১১টা ট্ৰিপ চলাচল কৰিব। আনহাতে ০৫৮৭০ ৰঙাপৰা নৰ্থ – বিশেষ ৰেলখনে ৰঙিয়া-নিউ জলপাইগুড়ি-খড়গপুৰ-ভুৱনেশ্বৰ হৈ অহা ১৮ এপ্ৰিলৰ পৰা ৬ জুনলৈকে প্ৰত্যেক সোমবাৰে পুৱা ৫ বজাত ৰঙাপৰা নৰ্থ ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব৷ আনহাতে ০৫৮৬১ পুৰী – ৰঙাপৰা নৰ্থ বিশেষ ৰেলখনে ভুৱনেশ্বৰ-খড়গপুৰ – নিউ জলপাইগুড়ি – ৰঙিয়া হৈ অহা ২০ এপ্ৰিলৰ পৰা ৮ জুনলৈকে প্রত্যেক বুধবাৰে পুৱা ৫ বজাত পুৰী ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব। উক্ত গ্রীষ্মকালীন বিশেষ ৰেলখনে মুঠ ৮টা ট্ৰিপ চলাচল কৰিব।
ইয়াৰ উপৰিও বিশেষ ৰেল সমূহৰ ষ্টপেজ আৰু সময়ৰ সবিশেষ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছৰ মাধ্যমেৰে উপলব্ধ হ’ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই সদৰি কৰিছে।