প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আজি ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাচতেই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰবেশদ্বাৰৰ সন্মুখত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই এককভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
টাইপাৰ ২৬ বছৰীয়া দাবী টাই আহোমক জনজাতিকৰণ নকৰা, অসম বিধানসভাত ৩৬ খন আসন সংৰক্ষণ নকৰা আদিকে ধৰি জনগোষ্ঠীটোক চৰকাৰে চৰম প্ৰতাৰণা কৰি অহা অভিযোগত সংগঠনটোৰ নেতাগৰাকীয়ে এই দৰে একক ভাৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷