যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি বৰ্তমান ভয়াৱহ। ইউক্ৰেইনৰ নাগৰিকে ২৪ ঘণ্টা অক্সিজেন অবিহনে থাকিব লগা হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াকে লৈ শংকা প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পাছৰেপৰা দেশখনৰ পৰিবহণ ব্যৱস্থা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। ফলস্বৰূপে, অক্সিজেন যোগানৰ অভাৱ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ৰ বাৰ্তা পোহৰলৈ অহাৰ পাছৰেপৰা ইউক্ৰেইনত আতংকৰ সৃষ্টি হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা শেহতীয়াকৈ এটা বিবৃতি জাৰী কৰছিল। ‘ইউক্ৰেইনত অক্সিজেনৰ পৰিমাণ এই মুহূৰ্তত অতি সংকটজনক পৰিস্থিতিত আছে। যুদ্ধই বিধস্তৰ বাবে অক্সিজেন প্লাণ্টসমূহেও ধ্বংস হোৱাৰ চিকিৎসালয়সমূহক সঠিকভাৱে অক্সিজেন যোগান ধৰাটো সম্ভৱ হৈ উঠা নাই। যুদ্ধৰ বাবে দেশৰ জৰুৰীকালীন সেৱাত নিয়োজিত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে।
ৰাজধানী কিয়েভৰ পৰিস্থিতিও যথেষ্ট উদ্বেগজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়াছে তেওঁৰ বিবৃতিত কয় যে, ‘২৪ ঘণ্টাৰ ভিতৰত বেছিভাগ চিকিৎসালয়ত অক্সিজেন শেষ হ’ব। বহুতো চিকিৎসালয়ত ইতিমধ্যে অক্সিজেন শেষ হৈ গৈছে। ইয়াৰ ফলস্বৰূপে, হাজাৰ হাজাৰ লোকৰ জীৱন সংকটত পৰিব পাৰে।’
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত, সমগ্ৰ দেশখনতে ২৫% অক্সিজেনৰ অভাৱ হৈছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাই ৰাজহুৱা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই তাৎক্ষণিক পৰিবহণ ক’ৰিডৰৰ জৰিয়তে ইউক্ৰেইনলৈ চিকিৎসা সঁজুলি আৰু অক্সিজেন যোগান ৰখাৰ বাবে আহ্বান জনাইছে।