ৰাছিয়া ইউক্ৰেইনৰ মাজৰ সংঘাতে বিশ্বক ত্ৰাসিত কৰি তুলিছে। ভাৰতৰ লগতে অসমৰো বহু নাগৰিক ইউক্ৰেইনত আৱদ্ধ হৈ আছে। এনে সাম্প্ৰতিক ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী অথবা কামৰূপ মহানগৰ জিলাৰ কোনো লোক আৱদ্ধ হৈ থকা বিষয় সংক্রান্তত জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জৰুৰীভাৱে অৱগত কৰিবলৈ অনুৰোধ কৰিছে জিলা প্ৰশাসনে।
এই সংক্রান্তত মুকলি কৰা হৈছে এটা ফোন নম্বৰ। এই সম্পৰ্তে ১০৭৭ নম্বৰত ফোন কৰি অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত থকা হোৱাটচআপৰ জৰিয়তে প্ৰশাসনক অৱগত কৰিব পাৰিব।