ৰাছিয়াই বৃদ্ধি কৰা সামৰিক আগ্রাসনে চুবুৰীয়া ৰাষ্ট্র ইউক্রেইনত গঢ়ি তুলিছে যুদ্ধসদৃশ পৰিৱেশ৷ ইউক্রেইনত বৰ্তমান প্রতিটো মুহূর্ততে ৰাছিয়াৰ আক্রমণৰ আতংকত কটাইছে বাসিন্দাসকল৷ যুদ্ধৰ আতংকৰ মাজতে দেশখনত আবদ্ধ হৈ পৰিছে অসমৰ অর্ধশতাধিক শিক্ষার্থী৷ ইউক্রেইনৰ ৰাজধানী কিয়েভত প্রতিদিনে সম্ভাব্য যুদ্ধৰ পৰিৱেশ পর্যালোচনা কৰাৰ লগতে দেশৰ নাগৰিকসকলক সতর্ক হৈ থকাৰ নির্দেশ দিছে৷ এনে অৱস্থাত দেশখনত আবদ্ধ হৈ পৰা অসমৰ শিক্ষার্থীসকলে সংকটত পৰাই নহয়, ৰাছিয়াই আক্রমণ কৰিলে সৃষ্টি হ’ব পৰা পৰিৱেশক লৈও ভীতিগ্রস্ত হৈ পৰিছে৷
উল্লেখ্য যে দেশখনৰ টার্নিপল মেডিকেল কলেজত অসমৰ পৰা যোৱা ৫০গৰাকীতকৈও অধিক শিক্ষার্থী অধ্যয়নৰত অৱস্থাত আছে৷ ইয়াৰে অধিকাংশই পৰিয়ালৰ সৈতে যোগাযোগ কৰি দেশলৈ উভতি অহা বাবে উদ্বিগ্ণতা প্রকাশ কৰিছে যদিও যুদ্ধসদৃশ এনে পৰিৱেশত ঘৰলৈ উভতি অহাৰ সকলো পথেই প্রায় বন্ধ হৈ পৰিছে৷ শিক্ষার্থীসকলৰ এনে আতংক পৰিৱেশৰ মাজতে শেহতীয়াকৈ ভাৰতীয় দূতাবাসে জৰুৰী সেৱাত জড়িত লোকসকলৰ বাদে আন ভাৰতীয় লোকক দেশলৈ উভতি যোৱাৰ বাবে নির্দেশ দিছে৷ এনে নির্দেশক লৈও এতিয়া শিক্ষার্থীসকলৰ লগতে অসমত থকা পৰিয়ালেও আতংকৰ মাজত দিন কটাইছে৷
জাগীৰোডৰ বঢ়মপুৰৰ ডেইজি মেধি, গুৱাহাটীৰ ভেটাপাৰাৰ হার্বী দত্ত, গুৱাহাটীৰ চিৰঞ্জীৱ ডেকা, নগাঁৱৰ দক্ষিণপাট সত্রৰ পিনাকী ৰঞ্জন কাশ্যপ, কামৰূপ জিলাৰ নগৰবেৰাৰ জাকাৰিয়া হুছেইন আদিকে কৰি কেইবাজনো ছাত্র–ছাত্রীয়ে ইতিমধ্যে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ এই ছাত্র–ছাত্রীসকলৰ বহুতেই ঘৰলৈ উভতি যাবলৈ ইচ্ছা প্রকাশ কৰি আছে যদিও কলেজ কর্তৃপক্ষই এইক্ষেত্রত সকলো ছাত্র–ছাত্রীকে সুৰক্ষিত কৰি ৰখা হ’ব বুলি আশ্বাস দিছে৷ তৎসত্ত্বেও ৰাছিয়াৰ আক্রমণৰ শংকাত ক্রমাৎ বৃদ্ধি পোৱা প্রতিগৰাকী ছাত্র–ছাত্রীয়েই যথেষ্ট আতংকৰ মাজত দিন কটাবলগীয়া হৈছে৷ মন কৰিবলগীয়া যে ৰাছিয়াই আৰম্ভ কৰা এনে আগ্রাসী পদক্ষেপে সাম্ভাৱ্য তৃতীয় বিশ্ব যুদ্ধৰ আতংক বিয়পাইছে৷