ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি এটা গাড়ী দুৰ্ঘটনাত পতিত হয় বুলি ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰই সদৰি কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰশাসনৰ তৰফৰ পৰা জনাইছে যে ৰাজধানী কিয়েভত এখন যাত্ৰীবাহী বাহনে ৰাষ্ট্ৰপতিৰ বাহন আৰু তেওঁৰ এছক’ৰ্টৰ সৈতে সংঘৰ্ষত পতিত হয়।
ৰাষ্ট্ৰপতি ভলডিমিৰক এজন চিকিৎসকে পৰীক্ষা কৰাৰ পাছত তেওঁ কোনো গুৰুতৰ আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে পথ দুৰ্ঘটনাটোৰ সকলো পৰিস্থিতি আইন প্ৰৱৰ্তনকাৰী বিষয়াৰ দ্বাৰা তদন্ত কৰি থকা হৈছে। ৪৪ বৰ্ষীয় ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বুধবাৰে ইউক্ৰেইনে পুনৰ দখল কৰা উত্তৰ-পূব ইউক্ৰেইনৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক কেন্দ্ৰ ইজুম চহৰ পৰিদৰ্শন কৰাৰ পাছতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
মন কৰিবলগীয়া কথা যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ বহু ঠাই নিজৰ অধীনস্থ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়া দিনবোৰত, ইউক্ৰেইনৰ সেনাই অধিকৃত অঞ্চল পুনৰ দখল কৰিছে যাৰ ফলত ৰাছিয়াৰ সৈন্যসকল পিছুৱাই যাবলৈ বাধ্য হৈছে।