কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ দুগৰাকীকৈ যুৱতী আলফাত যোগদান কৰাৰ পাছতে এইবাৰ নামনি অসমৰ প্ৰায় ১৫ জনমান যুৱকে যোগদান কৰে আলফাত৷ বিদ্ৰোহী সংগঠনৰ প্ৰতি যুৱচাম আগ্ৰহী হোৱা বিষয়টোৱে যথেষ্ট গুৰুত্ব বহন কৰিছে৷ উজনি অসমৰ বহু যুৱক-যুৱতী আলফাত যোগদানৰ পাছতে এতিয়া নামনি অসমৰ যুৱকৰো আলফাত যোগদানৰ স্পৃহা বৃদ্ধি পাইছে৷
উল্লেখ্য যে, নামনি অসমৰ ১৫জন যুৱকে আলফাত যোগদান কৰে৷ যুৱক কেইজন নলবাৰী, ওদালগুৰি, বাকসা আৰু গুৱাহাটীৰ বুলি তথ্য লাভ কৰা হৈছে৷ এজন শীৰ্ষনেতাৰ সহায়ত আলফাত যোগদান কৰে যুৱক কেইজনে৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ ই-মেইলযোগে প্ৰকাশ কৰিছে যে, সেনা-আৰক্ষীয়ে কিছু ষড়যন্ত্ৰমূলক নীতি অৱলম্বন কৰিছে, যাৰদ্বাৰা আলফাৰ প্ৰতি আকৰ্ষিত বহু যুৱকক লক্ষ্য কৰি তেওঁলোকে অভিযান অব্যাহত ৰাখিছে।
বিগত কেইমাহ মানৰ পূৰ্বৰে পৰা সংগঠনটোত বহু যুৱক-যুৱতীয়ে যোগদান কৰা দেখা গৈছে৷ কেৱল নৱ-প্ৰজন্মৰ যুৱক-যুৱতীয়েই নহয়, অসম আৰক্ষীৰ কেইবাজনো জোৱানেও নিষিদ্ধ ঘোষিত এই সংগঠনটোত যোগদান কৰা পৰিলক্ষিত হৈছে।