যি সময়ত দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ – বিদেশত অসমৰ গৌৰৱ গামোচাখন ডিঙিত লৈ ৰাজ্যৰ হস্ততাত আৰু বস্ত্ৰশিল্পক বিশ্বৰ দৰবাৰত এক বিশেষ পৰিচিতি প্ৰদান কৰিছে সেই সময়তে অসম চৰকাৰৰ একাংশ মন্ত্ৰী – বিষয়াই লোৱা “খেনোক দেখি ৰান্ধে বাঢ়ে আৰু খেনোক দেখি দুৱাৰ মাৰে” নীতিৰ বাবে ৰাজ্যৰ বহু উদ্যোগীয়ে নিবনুৱা সমস্যাৰ বাবে ৰূপায়ণ কৰিবলগীয়া প্ৰকল্প কলিতে মৰহি যোৱাৰ উপক্ৰম হৈছে। আনকি একাংশৰ সেই নীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া বহু আঁচনি, কাৰ্যসূচী আদিও ৰাজ্যৰ চৰকাৰৰ সংলিষ্ট বিভাগে নিয়মানুসৰি অনুমোদন নিদিয়া বাবে শেষ মূহুৰ্তত তেনে আচঁনিৰ সুফল লাভৰ পৰা হিতাধিকাৰী বা ৰাইজ বঞ্চিত হব লগা হৈছে। শেহতীয়াকৈ পশ্চিম গুৱাহাটীৰ তিনিখন সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি বাস কৰি অহা প্ৰায় চাৰিশ দুখীয়া মহিলা শিপিনী ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ চৰম অবহেলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়াৰ পাছতো তেনে এখন আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি তাতশাল বোৱাত পাকৈত দুখীয়া মহিলা শিপিনীৰ উন্নয়ন আৰু তেওঁলোকক আৰ্থিক ভাবে স্বাৱলম্বী কৰাৰ বাবে কাম কৰি অহা তথা লাভজনক ব্যৱসায় নকৰা কোম্পানী হিচাপে ২০২০ চনত পঞ্জীয়নভুক্ত পশ্চিম গুৱাহাটীৰ আজাৰা মাটিয়াস্থিত “আভা ক্রিয়েচন ছচিয়েল ইম্পেক্ট ফাউণ্ডেশ্যন (এছ পি ভি) নামৰ পূৰ্বৰ এন জি অটোৰ তেনে এখন আঁচনি অসম চৰকাৰৰ ৰেচম বিভাগে নিয়মানুসৰি অনুমোদন নিদিয়াত কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টন লাভ কৰাৰ প্ৰায় ডেৰ বছৰ পাছতো ৰূপায়ণ কৰিব পৰা হোৱা নাই। আভা ক্রিয়েচন চচিয়েল ইম্পেক্ট ফাউণ্ডেশ্যনৰ সূত্ৰই সদৰি কৰা অনুসৰি তেওঁলোকে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ তিনিখন সংৰক্ষিত বনাঞ্চল ক্ৰমে – ৰাণী, গড়ভঙা আৰু লোহাৰঘাটৰ ১৮ খন গাঁওৰ প্রতিখনতে ২০ গৰাকী দুখীয়া মহিলা শিপিনীক লৈ একোটা উৎপাদক গোট গঠন কৰা হৈছিল। আৰ্থিক ভাবে তেওঁলোকক সক্ষম কৰিবৰ বাবে ২০২২ চনৰ জানুৱাৰী মাহত গ্ৰহণ কৰা হৈছিল “মা সূতা প্ৰকল্প” নামৰ এখন আচঁনি। আঁচনি খনৰ লক্ষ্য আছিল যে বনাঞ্চলত যুগ যুগ ধৰি বাস কৰি অহা মহিলা সকলে হস্ততাত আৰু বস্ত্ৰ শিল্পৰ জৰিয়তে স্বাবলম্বী হলে বনৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশিলতা কমি যাব। বনাঞ্চল ৰক্ষাত ই সহায়ক হব। ইয়াৰ উপৰিও নিজৰ নিজৰ দক্ষতা অনুসৰি মহিলা সকলক ভাগে ভাগেকোনোবাই মুগা পালন, কোনোবাই নাৰ্চাৰী স্থাপন, কোনোবাই প্ৰাকৃতিক ৰং উৎপাদন কৰা, কোনোবাই তাতশাল বোৱা আদি কাম সমুহ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেনেদৰে ৯৯৬ লাখ টকাৰ আচঁনিখন সম্পুৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ ৰেচম বিভাগৰ অধীনত আছিল। তাৰ ভিতৰত ভাৰত চৰকাৰৰ অংশ অাছিল ৯১৩ লাখ টকা আৰু আভা ক্রিয়েচনৰ আছিল ৮২.৬২ লাখ টকা। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ আৰ্থিক সাহায্য নথকা আঁচনিখনৰ ৯০ শতাংশই আছিল কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ। তিনি বছৰ ম্যাদ থকা “মা সুতা প্ৰকল্প” নামৰ আঁচনিখন ২০২২-২৩ চনত আৰম্ভ কৰিব পৰা হলে ২০২৪- ২৫ চনত সমাপ্ত হলহেতেন। ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ নিয়ামানুসৰি ২০২২ চনৰ মে মাহত আভা ক্রিয়েচনে আঁচনি দাখিল কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ক আবেদন কৰিছিল। কিন্তু আবেদন কৰাৰ প্ৰায় ডেৰ বছৰ উপক্ৰম হোৱাৰ সময়টো ৰেচম বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে ৰাজ্য চৰকাৰৰ কোনো আৰ্থিক সাহায্য নথকা স্বতেও এই পৰ্যন্ত আঁচনিখনত অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। অথচ একে সময়তে অনুমোদন লাভ কৰা উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ তেনে আঁচনি ৰূপায়ণ হোৱাৰ লগতে তেঁওলোকৰ পৰম্পৰাগত হস্ততাত আৰু বস্ৰশিল্পত কাপোৰ উৎপাদন কৰি দেশ – বিদেশলৈ ৰপ্তানী কৰিবলৈ সক্ষম হৈছে। কিন্তু অসম চৰকাৰৰ ৰেচম বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ ৰঙা – ফিটাৰ মেৰপেছৰ বাবে ডেৰ বছৰ ধৰি আঁচনিখন পৰি আছে। যদি চলিত বৰ্ষৰ ভিতৰত ৰেচম সঞ্চালকালয়ে আঁচনিখন অনুমোদন নকৰে তেন্তে অহা বৰ্ষত আঁচনিখন বাতিল হৈ যোৱাৰ আশংকা কৰা হৈছে।