নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত ৰাজহুৱা কৱৰস্থান আৰু ঈদগাহ উন্নয়নৰ আধাৰশিলা স্থাপনৰ বাবে সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰা উপস্থিত হয়। আধাৰশিলা স্থাপনৰ অন্তত সাংসদ গৌৰৱ গগৈয়ে কদমনিতে এখন কৰ্মী সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।
সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত দলীয় কৰ্মী অন্তৰ্ভূক্তি অভিযান সোমবাৰে বটদ্ৰৱা সমষ্টিৰ শুভাৰম্ভ কৰি কংগ্ৰেছৰ ভেঁটি মজবুত কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি উল্লেখ কৰে বিধায়িকা শিবামনি বৰাই। ইয়াৰোপৰি সাংসদ গগৈয়ে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এনকাউণ্টাৰ প্ৰসংগত অগপৰ দিনত গুপ্তহত্যা হোৱাৰ বিপৰীতে বৰ্তমান অসমত মুক্ত হত্যা আৰম্ভ হৈছে বুলি অভিযোগ উত্থাপিত কৰে।
সাংবাদিকৰ প্ৰশ্নোত্তৰত সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত তীৰ্যক মন্তব্য প্ৰদান কৰে। আনহাতে বিধায়িকা শিবামনি বৰাই বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক আধাৰশিলা স্থাপনতে সীমাবদ্ধ ৰাখি সমষ্টি উন্নয়নৰ ধনৰ লগতে এম এছ ডি পি আঁচনি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ কৰে।