কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা ১ ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২চনৰ কেন্দ্ৰীয় বাজেট। ক’ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেশৰ বিত্তীয় পৰিস্থিতি উন্নত কৰা তথা অৰ্থনৈতিক বিকাশৰ হাৰ তৰান্বিত কৰাৰ ওপৰত এই বাজেটত গুৰুত্ব আৰোপ কৰা হ’ব। ইফালে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটৰ এটা পৰম্পৰা সলনি কৰিছে। কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ কাম পূৰ্বৰে পৰা ‘হালৱা চেৰেমনী’ৰ জৰিয়তে আৰম্ভ কৰা হৈ আহিছে। কিন্তু এইবাৰ এই পৰম্পৰা সলনি কৰা হৈছে। এইবাৰ ক’ভিড পৰিস্থিতিৰ দোহাই দি বাতিল কৰা হৈছে হালৱা চেৰেমনী।
এইবাৰ বাজেট প্ৰস্তুতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক প্ৰদান কৰা হয় মিঠাইৰ টোপোলা। পূ্ৰ্বৰ পৰম্পৰা মতে হালৱা চেৰেমনীৰ পাছতে বাজেট প্ৰস্তুতৰ মূল গোটটোৱে বিত্ত মন্ত্ৰণালয়ৰ এটা বিশেষ কোঠাত আবদ্ধ হৈ পৰে। সংসদত বাজেট উত্থাপনৰ পাছতহে তেওঁলোকে আন ব্যক্তিক লগ কৰিব পাৰে। কিন্তু এইবাৰ এই হালৱাৰ পৰম্পৰাক বাদ দিছে বিত্ত মন্ত্ৰণালয়ে। এইবাৰৰ বাজেট পেপাৰলেছ হ’ব বুলি প্ৰকাশ পাইছে। মোবাইল এপৰ জৰিয়তে এই বাজেট উপলব্ধ কৰোঁৱা হ’ব। ইয়াৰ বাবে ইউনিয়ন বাজেট মোবাইল এপৰ ব্যৱহাৰ কৰা হ’ব। বাজেটৰ সকলো দস্তাবেজ ৱেবছাইটতো পোৱা যাব।