তিনিদিনীয়া কাৰ্যসূচী লৈ আজি উত্তৰ-পূবলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ বায়ুসেনাৰ বিশেষ বিমানেেৰ ডিব্ৰুগড়ৰ দিনজানস্থিত সেনা বাহিনীৰ তৃতীয় ক’ৰত নিশা কটাব ৰাজনাথ সিঙে৷ কাইলৈ অৰুণাচলৰ পূব প্ৰান্ত ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷
অৰুণাচল প্ৰদেশ ভ্ৰমণ সামৰি বৃহস্পতিবাৰে বিয়লি উপস্থিত হ’ব তেজপুৰত৷ তেজপুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ ক’ৰত নিশা কটাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ শুকুৰবাৰে পুৱা উপস্থিত হ’ব অৰুণাচলত৷ অৰুণাচলৰ চেলাপাছত নিৰ্মীয়মাণ সুৰংগ পথ পৰিদৰ্শন কৰিব ৰাজনাথ সিঙে৷
২০১৯ চনৰ পৰা ৯ কিঃমিঃ দৈৰ্ঘৰ সুৰংগ পথ নিৰ্মাণ কৰি আছে BROই৷ টাৱাং-ডিৰাং সংযোগী সুৰংগ পথ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মুকলিৰ পূৰ্বে কামৰ শেহতীয়া খতিয়ান ল’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে৷ তাৰ পিছত অৰুণাচলৰ পৰা দিল্লীলৈ উৰা মাৰিব ৰাজনাথ সিং৷