২০২২ বৰ্ষৰ আৰক্ষীৰ ‘অতি উৎকৃষ্ট সেৱা পদক’ আৰু ‘পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক’ৰ তালিকা ঘোষণা কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৬০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়াইছে অতি উৎকৃষ্ট সেৱা পদক, আন ৬০ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আৰু ৫০০ গৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক।
অতি উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়াসকলৰ অন্যতম হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান ৱাই ভি কৃষ্ণ, মুন্না প্ৰসাদ গুপ্তা, হীৰেন চন্দ্ৰ নাথ, ডেপুটী ইন্সপেক্টৰ জেনেৰেল ইমদাদুল হুছেইন বৰা আদি।
উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীসকলৰ ভিতৰত আছে মুছলেহউদ্দিন আহমেদ, পি টি চিৰ অধ্যক্ষ দেৱাশিস শৰ্মা, এ আই জি লংনিট তেৰাং, এ আই জি জয়ন্ত সাৰথি বৰা, এ এছ পি মৃণাল ডেকা, এ এছ পি উজ্জ্বলপ্ৰতিম বৰা, এ এছ পি অমিতাভ বসুমতাৰী আদি।
আনহাতে, ‘পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক’ লাভ কৰা আৰক্ষী বিষয়া সকলৰ অন্যতম হৈছে অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ সঞ্চালক-প্ৰধান এছ এন সিং, আই জি পি অনুৰাগ আগৰৱালা, এ আই জি ধনঞ্জয় পৰশুৰাম ঘনৱাট, এ আই জি অমনজিৎ কৌৰ আদি।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই পদকৰ প্ৰচলন কৰিছিল ২০১৮ বৰ্ষৰ পৰা। অসম আৰক্ষীত কৰ্মৰত বিষয়া সকলৰ একনিষ্ঠ সেৱাৰ বাবে তথা মনোবল বৃদ্ধি কৰি পৰৱৰ্তী সময়ত আৰু অধিক তৎপৰতাৰে সেৱা আগবঢ়াবলৈ প্ৰদান কৰি অহা হৈছে এই বঁটা।