ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিনস্থ ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেল’পমেন্ট নামৰ সংস্থাটোৰ দ্বাৰা ২০২০-২১ বৰ্ষৰ “আৰক্ষী প্ৰশিক্ষণৰ উৎকৃষ্ট পাৰদৰ্শিকতাৰ প্ৰশিক্ষকৰ বঁটা” গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীৰ, APRO প্ৰশিক্ষণ বিদ্যালয়ৰ জ্যেষ্ঠ প্ৰশিক্ষক তথা উপ-পৰিদৰ্শক তাহেৰউদ্দিন আহমেদক আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ অহা ৯ চেপ্তেম্বৰ, ২০২২ তাৰিখে বি.পি.আৰ.এণ্ড,ডি.ৰ মুখ্য কাৰ্যালয়ত উক্ত বঁটা প্ৰদান কৰা হ’ব৷ উল্লেখযোগ্য যে কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ BSF, CRPF, CISF, NSG কে ধৰি অসম, বিহাৰ, হাৰিয়ণা, দিল্লী, জে.এণ্ড.কে, কৰ্নাটক, মধ্যপ্ৰদেশ, তেলেঙ্গানা, CDTI জয়পুৰ, CAPT ভূপাল, CDTI চণ্ডিগড়ৰ ১৫ গৰাকী আৰক্ষী বিষয়া-জোৱানক “ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেল’পমেন্টৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসত এটা মেডেল, এখন স্ক্ৰ’ল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখ্য সচিৱ অজয় কুমাৰ ভাল্লাই৷
BPRND ৰ মুখ্য কাৰ্যালয়ৰ নোডেল অফিচাৰ প্ৰশিক্ষণ বিভাগৰ সহকাৰী সঞ্চালক জিতেন্দ্ৰ যাদৱে পত্ৰযোগে অৱগত কৰে৷ অৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদ উক্ত বঁটা গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে নিউ দিল্লীলৈ ৰাওনা হৈছে৷