হাইড্ৰজেনচালিত এখন বাহনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ এই বাহনখনৰ গৰাকী হৈছে কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰী ৷ বুধবাৰে বিকল্প ইন্ধনৰ এগৰাকী উৎসাহী প্ৰশংসক হিচাপে চিহ্নিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ শেহতীয়াকৈ ক্ৰয় কৰা হাইড্ৰ’জেনচালিত গাড়ীখনত সংসদত উপস্থিত হয়। যাৰফলত সংসদত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় মন্ত্ৰীগৰাকী৷
ग्रीन हाइड्रोजन से चलने वाली कार से संसद पहुँचे श्री @nitin_gadkari जी। ग्रीन हाइड्रोजन का उत्पादन होगा, इसके स्टेशन होंगे और देश का आयात भी बचेगा : केंद्रीय मंत्री श्री नितिन गडकरी जी। pic.twitter.com/iqw1Xz2Upx
— Office Of Nitin Gadkari (@OfficeOfNG) March 30, 2022
উল্লেখ্য যে, জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক দিল্লীৰ ৰাস্তাত এখন বিশেষ গাড়ীৰ দেখা যাব৷ যিখন দেখি মানুহে হাইড্ৰজেন ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত হ’ব আৰু যি ভৱিষ্যতৰ মুখ্য ইন্ধন হিচাপে ইয়াকেই নিৰ্বাচন কৰাৰ বাবে উৎসাহিত হ’ব। জানিব পৰা মতে, গাড়ীখন জাপানৰ টয়োটা কোম্পানীৰ আৰু ইয়াত হাইড্ৰ’জেন ইন্ধন ভৰোঁৱা হৈছিল ফৰিদাবাদত তথা ইণ্ডিয়ান অইল পাম্পৰ পৰা।
নীতিন গাডকাৰী য়ে পূৰ্বে তেওঁৰ সহযোগী সাংসদসকলক বৈদ্যুতিক বাহন ব্যৱহাৰৰ আহ্বান জনাইছিল আৰু কৈছিল যে, যদি আপুনি এতিয়া ইন্ধনৰ বাবে ১০০ টকা খৰচ কৰি আছে, আপুনি বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিলে ১০টকাহে খৰচ কৰিব লাগিব। সংসদৰ ভিতৰতো মন্ত্ৰীগৰাকীয়ে বিকল্প ইন্ধনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, সেউজীয়া ইন্ধনেহে পৃথিৱীখন প্ৰদুষণমুক্ত কৰি ৰাখিব৷ লগতে তেওঁ কয় যে, অহা দুবছৰত বৈদ্যুতিক বাহনৰ মূল্য হ্ৰাস কৰিব সেউজীয়া ইন্ধনে৷ যাৰ ফলত ইয়াৰ মূল্য পেট্ৰ’ল চালিত বাহনৰ সমান হ’ব। বিকল্প ইন্ধনে ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ গাডকাৰীয়ে লগতে কয় যে, সৰ্বাধিক দুবছৰৰ ভিতৰত, বৈদ্যুতিক স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দাম পেট্ৰ’লচালিত স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দৰে একে হ’ব।