ক’ভিড আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰীজনৰ দেহত দেখা গৈছে ক”ভিডৰ লক্ষণ। ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে সকলোৰে পৰা পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিডৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।
দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ক’ভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমন বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ লগতে বলিউডৰ চেলিব্ৰেটিকে ধৰি বিভিন্ন লোক ক’ৰোনাত আক্ৰান্ত হৈছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আদি ক’ৰোনাত আক্ৰান্ত হৈছে। আনহাতে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰো ক’ভিডত আক্ৰান্ত হৈছে।