কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰৰ পৰা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে মুঠ ৩০৮ কোটি টকা মূল্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ জলপথ আন্তঃগাঁথনি প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানটো একে সময়তে ডিব্ৰুগড়ৰ বগীবিল, কৰিমগঞ্জৰ বদৰপুৰ, ধুবুৰীৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বন্দৰৰ লগতে ত্ৰিপুৰাৰ সোণামূৰাত অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, আনহাতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ৰ পৰা কাৰ্যসূচীত যোগদান কৰে। সোণামূৰাত অনুষ্ঠিত এই অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰী সুশান্ত চৌধুৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। পাণ্ডুৰ অনুষ্ঠানটোত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ, উপাধ্যক্ষ সুনীল কুমাৰ সিং আদিও উপস্থিত থাকে। তদুপৰি ডিব্ৰুগড়ৰ অনুষ্ঠানত বিধায়কসকল- প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, পোনাকণ বৰুৱা আদি উপস্থিত থাকে। ধুবুৰীত উপস্থিত থাকে গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী।
সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বগীবিলত যাত্ৰী-তথা-কাৰ্গ’ টাৰ্মিনেল, ত্ৰিপুৰাৰ সোণামূৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল আৰু অসমৰ কৰিমগঞ্জ তথা বদৰপুৰত উন্নীত টাৰ্মিনেলৰ শুভ উদ্বোধন কৰে। এই টাৰ্মিনেলে কাৰ্গ’ আৰু যাত্ৰীৰ সুচল চলাচলৰ বাবে সমগ্ৰ অঞ্চলটোত জল পৰিবহণ আন্তঃগাথঁনি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ তথা বাণিজ্যৰ সম্প্ৰসাৰণৰ পথ প্ৰশস্ত হ’ব। নতুনকৈ উদ্বোধন কৰা বগীবিল টাৰ্মিনেলটো প্ৰায় ৫০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত পৰ্যটন বৃদ্ধি হোৱাৰ লগতে চাহ, পলিমাৰ, কয়লা, সাৰৰ দৰে বাণিজ্য খণ্ডৰ অৰ্থনীতি উন্নত হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে আজি ধুবুৰীত কাষ্টম ইমিগ্ৰেচন কাৰ্যালয়ৰ লগতে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ যোগীঘোপা টাৰ্মিনেলৰ চৌহদৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
বগীবিলত ইমিগ্ৰেচন, কাষ্টমছ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ এটা সমন্বিত কাৰ্যালয় ১৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। ১২ কোটি টকা ব্যয়েৰে বগীবিল টাৰ্মিনেলত পাৰৰ সুৰক্ষা আৰু জেটিৰ সম্প্ৰসাৰণৰ বাবে এটা প্ৰকল্পও শীঘ্ৰে আৰম্ভ কৰা হ’ব৷ ত্ৰিপুৰাৰ সোণামূৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলটো ৬.৯১ কোটি টকাৰ বিনিয়োগেৰে উন্নীত কৰা হৈছে৷ আনহাতে কৰিমগঞ্জ আৰু বদৰপুৰৰ উন্নীত টাৰ্মিনেলসমূহ ৬.৪০ কোটি টকা বিনিয়োগেৰে সম্পূৰ্ণ কৰা হৈছে।
তদুপৰি সোণামূৰাৰ টাৰ্মিনেলটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী তথা বিভিন্ন সামগ্ৰীৰ সুচল জল পৰিবহণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। কৰিমগঞ্জ আৰু বদৰপুৰত উন্নীত টাৰ্মিনেলে আমদানি-ৰপ্তানিৰ কাৰ্যকলাপ সহজ কৰি তুলিব। এই প্ৰকল্পবোৰে অসমৰ উপৰি ইয়াৰ কাষৰীয়া ৰাজ্য মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়ত যোগাত্মক প্ৰভাৱ পেলাব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আজি মুকলি কৰা প্ৰকল্পসমূহে আমাৰ সমৃদ্ধ জলপথৰ নেটৱৰ্কক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰিব। মোদী কি গেৰাণ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক বিকশিত ভাৰত গঢ়াৰ দিশে শক্তি প্ৰদান কৰিছে। বগীবিলৰ টাৰ্মিনেলে সমগ্ৰ অঞ্চলটোৰ বাবে অৰ্থনৈতিক বিকাশৰ অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলত উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বাবে বাণিজ্যৰ সুযোগ অধিক বৃদ্ধি পাব। ত্ৰিপুৰাৰ সোণামূৰাৰ টাৰ্মিনেলে ভাৰত আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক বাণিজ্য অধিক বৃদ্ধি কৰিব। কৰিমগঞ্জ আৰু বদৰপুৰ টাৰ্মিনেলেও বাণিজ্যৰ সম্প্ৰসাৰণৰ লগতে অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত কৰিব। এই সকলো প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নৰেন্দ্ৰ মোদীজীৰ সবল দৃষ্টিভংগীক নৱ গতিশীলতা দিব আৰু উত্তৰ-পূবক ভাৰতৰ বিকাশৰ শক্তিক্ষেত্ৰ হিচাপে ত্বৰান্বিত কৰিব।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰীত ৭.৫ কোটি টকাৰ বিনিয়োগেৰে কাষ্টমছ ইমিগ্ৰেচন কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। যোগীঘোপা টাৰ্মিনেলত সীমাৰ বেৰ নিৰ্মাণৰ বাবে মুঠ ১৮ কোটি টকা ব্যয় কৰা হ’ব। ইয়ে বৃহৎ টাৰ্মিনেলটো সুৰক্ষিত কৰিব। বিন্ধাকটা, যোগীঘোপা, তেজপুৰ, বিশ্বনাথঘাট, নিমাতী আৰু শদিয়াত মুঠ ৮.৪৫ কোটি টকা ব্যয়েৰে ৬টা পৰ্যটক জেটিও নিৰ্মাণ কৰা হ’ব। ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত গুৱাহাটীত দুখন বৈদ্যুতিক কাটামাৰান মুকলি কৰা হ’ব। কোচিন শিপইয়ৰ্ড লিমিটেডে ৩৬ কোটি টকা ব্যয়েৰে বিকশিত কৰা বৈদ্যুতিক কাটামাৰানে গুৱাহাটীৰ জনসাধাৰণৰ বাবে যোগাযোগৰ সুবিধা অধিক বৃদ্ধি কৰিব। ৫০ পেক্স বৈদ্যুতিক হাইব্ৰিড কাটামাৰান গুৱাহাটীত ক্ৰছ ৰিভাৰ ফেৰী আৰু তীৰ্থযাত্ৰী পৰ্যটনৰ বাবে ব্যৱহাৰ কৰা হ’ব। ব্ৰহ্মপুত্ৰ অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ-২ আৰু বৰাক অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ-১৬ৰ বাবে ১৯খন যাত্ৰীবাহী জাহাজ প্ৰদান কৰা হ’ব আৰু ব্ৰহ্মপুত্ৰত দুটা পণ্টুন টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ উন্নয়নৰ বাবে নতুন গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আমি ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ত ৬টা পৰ্যটক জেটি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি গুৱাহাটীত ২খন বৈদ্যুতিক হাইব্ৰিড কাটামাৰান মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় ড্ৰেজিং কৰ্প’ৰেশ্যনে উত্তৰ-পূব অঞ্চলত শীঘ্ৰে পুনৰ খনন (ড্ৰেজিং) কাৰ্য আৰম্ভ কৰিব। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধনত সহায় কৰিব। আভ্যন্তৰীণ জল পৰিবহণ খণ্ডই ২০১৪ চনৰ পৰা বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বৃদ্ধিৰ হাৰৰ সাক্ষী হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা ১০ বছৰত আমি আমাৰ ২০,০০০ কিলোমিটাৰ দীঘল আভ্যন্তৰীণ জলপথ খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনা বিকাশ আৰু অন্বেষণৰ বাবে উল্লেখনীয় প্ৰচেষ্টা চলাইছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহৰ উন্নতিৰ বাবে বিগত কেইবছৰমানত ১,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হৈছে।“