বিশ্ব পৰিক্ৰমা বিষয়ক যুক্তৰাষ্ট্ৰৰ এখনি বিখ্যাত আলোচনী ফৰেইন পলিচিৰ এটা প্ৰবন্ধত মধ্যপ্ৰাচ্যৰ “বৃহৎ প্লেয়াৰ” হিচাপে ভাৰতৰ উত্থানক যোৱা বছৰ কেইটাত অঞ্চলটোৰ অন্যতম আকৰ্ষণীয় ভূ-ৰাজনৈতিক পৰিঘটনা হিচাপে উল্লেখ কৰা হৈছে। লেখাটোত ইজৰাইল, চৌদি আৰব আৰু ইউ এ ইকে প্ৰমুখ্য কৰি অঞ্চলটোৰ প্ৰধান দেশসমূহৰ সৈতে নতুন দিল্লীৰ গভীৰ আৰু ক্ৰমবৰ্ধমান সম্পৰ্কৰ ওপৰত আলোকপাতেৰে স্পষ্টকৈ কোৱা হৈছে যে ভাৰতৰ স্থানৰ অগ্ৰগতিয়ে পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু এই ৰাষ্ট্ৰসমূহৰ ইচ্ছা আৰু আগ্ৰহকো প্ৰতিফলিত কৰিছে। যিয়ে এই নতুন বহুমুখিতাৰ পৰা লাভান্বিত হ’ব।
এই উন্নয়নৰ বিষয়ে আমেৰিকাই কৰিব পৰা কাম কম আৰু আনকি বিৰোধমূলক ভাৱে ইয়াৰ পৰা লাভৱান হ’ব পাৰে বুলি ইয়াৰ লেখক ষ্টিভেন একুকে যুক্তি দিছে।
“যুক্তৰাষ্ট্ৰৰ মধ্যপ্ৰাচ্যৰ অংশীদাৰ দেশ সমূহে যদি ৱাশ্বিংটনৰ বিকল্প বিচাৰে,নতুন দিল্লীয়ে অন্যতম পছন্দ হ’ব পাৰে।” তেওঁ দৃঢ়তাৰে কয়, “যুক্তৰাষ্ট্ৰ হয়তো আৰু এই অঞ্চলৰ নিৰ্বিবাদ বিগডগন হ’বও পাৰে, কিন্তু যেতিয়ালৈকে ভাৰতে মধ্যপ্ৰাচ্যত ইয়াৰ উপস্থিতি সম্প্ৰসাৰণ কৰি যাব, তেতিয়ালৈকে ৰাছিয়া বা চীনে সেই ভূমিকা গ্ৰহণ কৰিব নোৱাৰে।“
লেখকে প্ৰায় এটা দশক পূৰ্বে ভাৰত ভ্ৰমণৰ কথা স্মৰণেৰে তেতিয়া তেওঁৰ মনত ৰেখাপাত কৰা কথাটো উল্লেখেৰে কয় যে ভাৰতীয় সকলে তেতিয়া মধ্যপ্ৰাচ্যত এটি বৃহত্তৰ ভূমিকা গ্ৰহণ কৰিব খোজা নাছিল৷
তেওঁৰ ভ্ৰমণৰ পিছৰ ১০ বছৰত অৱশ্যে এই পৰিস্থিতি সলনি হৈছে বুলি তেওঁ কয়।
“যুক্তৰাষ্ট্ৰৰ বিষয়া আৰু বিশ্লেষক সকলে বেইজিঙে গ্ৰহণ কৰা প্ৰতিটো কূটনৈতিক পদক্ষেপৰ প্ৰতি উৎসুক হৈ থকাৰ সময়তে আৰু মধ্যপ্ৰাচ্যত চীনৰ বিনিয়োগক সন্দেহৰ দৃষ্টিৰে চাই থকাৰ সময়তে ৱাশ্বিংটনে বছৰ-বছৰ ধৰি অঞ্চলটোৰ অন্যতম আকৰ্ষণীয় ভূ-ৰাজনৈতিক পৰিঘটনাঃ মধ্যপ্ৰাচ্যত ভাৰতৰ প্ৰধান প্লেয়াৰ হিচাপে উত্থানক উপেক্ষা কৰি আছে”, কুকে এইদৰে লিখিছে।
উপসাগৰীয় অঞ্চলৰ (Gulf) কথা আহিলে সংযুক্ত আৰব আমিৰাত আৰু চৌদি আৰবে ভাৰতৰ সৈতে সচেষ্টতাৰে সম্পৰ্কৰ সম্প্ৰসাৰণৰ উপায় বিচাৰি আছে বুলি প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।
এয়া এক উল্লেখযোগ্য পৰিৱৰ্তন কাৰণ দুয়োখন দেশ বিশেষকৈ চৌদি আৰবে দীৰ্ঘদিনে পাকিস্তানৰ সৈতে মিত্ৰতা কৰি আহিছিল।ইয়াত উল্লেখ কৰা হৈছে যে ভাৰতৰ প্ৰতি এই গুৰুত্ব আংশিক ভাৱে ইছলামিক উগ্ৰবাদক নিয়ন্ত্ৰণৰ সাধাৰণ আগ্ৰহৰ পৰাই উদ্ভৱ হৈছে যদিও বহুখিনি অৰ্থনৈতিক প্ৰভাৱ আছে।
ইয়াত ভাৰত আৰু দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান অৰ্থনৈতিক সম্পৰ্কৰও পৰত আলোকপাতেৰে এই কথা উল্লেখ কৰা হৈছে। ইজৰাইলৰ সৈতে ভাৰতৰ সুদৃঢ় সম্পৰ্ক সন্দৰ্ভত কয় যে এই অঞ্চলত নতুন দিল্লীৰে সম্পৰ্কৰ ভিতৰত এয়াই হয়তো আটাইতকৈ সু-বিকশিত।
২০১৭ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইল ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় চৰকাৰৰ মুৰব্বী হিচাপে পৰিগণিত হোৱাৰ পিছত আৰু ইয়াৰ এবছৰৰ পিছতে তেখেতৰ প্ৰতিপক্ষ বেঞ্জামিন নেতানিয়াহুৱে ভাৰত ভ্ৰমণ কৰাৰ পিছত এই সম্পৰ্কসমূহ ভিন্ন ক্ষেত্ৰত দ্ৰুতগতিত গঢ় লৈ উঠিছে, বিশেষকৈ হাইটেক আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত সম্পৰ্কই অগ্ৰগতি লাভ কৰিছে।
দেশখনৰ ক্ষুদ্ৰ বজাৰ আৰু বিতৰ্কিত ৰাজনীতি (ভাৰতত অধিক)ৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ছোৱাত ভাৰতৰ ব্যৱসায়িক সমাজে ইজৰাইলত বিনিয়োগৰ পৰা আঁতৰি আহিছিল বুলি কুকে কয় আৰু লগতে কয় যে এই প্ৰেক্ষাপট সলনি হৈ আছে। ২০২২ত আদানি গ্ৰুপ আৰু ইজৰাইলী অংশীদাৰে হাইফাবন্দৰৰ বাবে ১.২বিলিয়ন মাৰ্কিন ডলাৰৰ নিবিদা লাভ কৰিছিল আৰু ভাৰত-ইজৰাইল মুক্ত বাণিজ্য চুক্তিৰ বাবেও আলোচনা অব্যাহত আছে বুলি ইয়াত প্ৰকাশ। “অৱশ্যেই ভাৰত-ইজৰাইলৰ সম্পৰ্ক জটিল। ভাৰতৰ পেলেষ্টাইনী সকলৰ প্ৰতি সমৰ্থনত অটুতআছে; ইৰানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইয়াৰ পৰা নতুন দিল্লীয়ে যথেষ্ট পৰিমাণৰ তেল ক্ৰয় কৰিছে ”, প্ৰবন্ধটোত লগতে কোৱা হৈছে।
শেহতীয়াকৈ মোদীৰ দুদিনীয়া কাৰ্য্যসূচীৰে ইজিপ্ত ভ্ৰমণৰ কথাৰ উল্লেখৰে ইয়াত কয় যে সকলো মাপকাঠীৰে এয়া অব্যাহত ইজিপ্ত-ভাৰত প্ৰেম উৎসৱৰ এটা খণ্ড। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিছিয়ে ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণৰ প্ৰায় ছমাহৰ পিছত প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰে। চীনৰ দৰেই ভাৰতীয়সকলেও ইজিপ্তক আফ্ৰিকা আৰু ইউৰোপলৈ নিজ-নিজ সামগ্ৰী প্ৰেৰণৰ দুৱাৰ মুখ (gateway) হিচাপে গণ্য কৰে বুলি প্ৰবন্ধটোত লগতে কয়।
ইয়াত কোৱা হয় যে জুনৰ শেষৰ ফালে মোদীৰ ৱাশ্বিংটন ভ্ৰমণো আছিল এক প্ৰেম উৎসৱ।মোদীয়ে তেওঁলৈ সন্মানাৰ্থে আয়োজিত নৈশভোজত অংশগ্ৰহণ আৰু কংগ্ৰেছৰ যৌথ অধিৱেশন সম্বোধন কৰিছিল।
কুকে কয় যে যুক্তৰাষ্ট্ৰ-ভাৰত সম্পৰ্কৰ সকলো ইতিবাচক মাত্ৰাৰ বাবে নতুন দিল্লীয়ে ৱাশ্বিংটনে কল্পনা কৰা ধৰণেৰে কৌশলগত অংশীদাৰ হ’ব বিচৰাৰ সম্ভাৱনা কম যেন লাগে।
মধ্যপ্ৰাচ্যৰ কথা আহিলে ইৰানৰ ক্ষেত্ৰত ভাৰত আমেৰিকা আৰু ইজৰাইলৰ পৰা বহু পৃথক আৰু মধ্যপ্ৰাচ্যৰ সৈতে ভাৰতৰ অৰ্থনৈতিক আৰু নিৰাপত্তা সম্পৰ্ক সম্প্ৰসাৰণৰ অৰ্থ কি, সেই সম্পৰ্কে ৱাশ্বিংটনে নিজৰ প্ৰত্যাশাক হ্ৰাস কৰা উচিত বুলি প্ৰবন্ধটোত কোৱা হৈছে। ইয়াত কোৱা হৈছে যে ভাৰতে যুক্তৰাষ্ট্ৰৰ সৈতে একেশাৰীত থিয় হোৱাৰ সম্ভাৱনা নাই, কিন্তু বেইজিং আৰু মস্কো উভয় দেশৰ দৰে নতুন দিল্লীয়ে ৱাশ্বিংটনক উপেক্ষা কৰাৰ সম্ভাৱনাও নাই। অঞ্চলটোত নতুন দিল্লীৰ ক্ষমতাৰ প্ৰক্ষেপণক গুৰুত্ব সহকাৰে লোৱাৰ সময় সমাগত বুলি প্ৰবন্ধটোত লগতে প্ৰকাশ।