তৃণমূল কংগ্ৰেছৰ সাসংদ মহুৱা মৈত্ৰৰ এক টুইটে এতিয়া অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
My first of new twitter series on replacements for unparliamentary words .
Banned word- Sexual Harassment
Replacement- Mr. Gogoi— Mahua Moitra (@MahuaMoitra) July 14, 2022
১৮ জুলাইৰ পৰা সংসদৰ অধিৱেশন। অধিৱেশনৰ পূৰ্বে লোকসভাৰ সচিবলায়ে এক বুকলেট প্ৰকাশ কৰিছে য’ত অসংসদীয় শব্দৰ এক তালিকা প্ৰকাশ কৰিছে। ইয়াৰ পিছতে সমগ্ৰ দেশ জুৰি ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো এই তালিকাত যিবোৰ শব্দক অসাংবিধানিক আখ্যা দিয়া হৈছে সেই শব্দবোৰ ব্যৱহাৰ নকৰাকৈ ৰাজনৈতিক সমালোচনা সম্ভৱ নহয় ! ফলত বিৰোধী পক্ষই মুখ বন্ধ কৰি ৰাখিব লাগিব সাংসদত।
অসংসদীয় শব্দৰ তালিকা প্ৰকাশৰ পিছতে বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰাৰ মাজতে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰয়ো এই সিদ্ধান্তৰ বিৰোধিতাৰে এক টুইট কৰিছিল। টুইট যোগে মহুৱা মৈত্ৰই ছেক্সুৱেল হাৰাছমেণ্ট বা যৌন নিৰ্যাতন শব্দৰ পৰিপূৰক হিচাপে তেওঁ মি. গগৈ শব্দটো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ জনালে। মহুৱা মৈত্ৰই এই টুইটৰ পিছতে এতিয়া ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিভিন্নজনে মহুৱা তেওঁৰ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈও দাবী উত্থাপন কৰিছে।
অৱশ্যে মহুৱা মৈত্ৰই ইতিমধ্যে আন এটা টুইট কৰি জনায় যে, তেওঁ মি. গগৈ মানে ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈকহে কৈছিল, সকলো গগৈ উপাধিধাৰী সকলো ব্যক্তিক নহয়।
Just for those sanghis twisting tweet to say I targetted all Gogois let me spell it out:
Mister Ranjan Gogoi. Honourable MP, Rajya Sabha. https://t.co/FKJBhNOEz8
— Mahua Moitra (@MahuaMoitra) July 15, 2022