এজনৰ পিছত আন এজন মন্ত্ৰী, বিধায়ক তথা দলীয় নেতাই বিজেপিৰ সংগ ত্যাগ কৰিছে উত্তৰ প্ৰদেশত। কিছুদিনৰ আগতে যোগী আদিত্যনাথ চৰকাৰৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য, দাৰা সিং চৌহান আৰু ওম প্ৰকাশ ৰাজভৰে বিজেপি ত্যাগ কৰি সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টীত যোগদান কৰিছিল৷ ৰাজ্যখনত বিজেপি শিবিৰত এইদৰে খহনীয়া হৈ থকাৰ মাজতে আজি আন এজন শীৰ্ষ নেতাই ৰাজ্যখনত দল ত্যাগ কৰি বিজেপিক পুনৰবাৰ বিপদত পেলাইছে।
পশ্চিম উত্তৰ প্ৰদেশ বিজেপিৰ উপ-সভাপতি কে কে শুক্লাই শেহতীয়াকৈ দল ত্যাগ কৰিছে। দলে তেওঁক টিকট নিদিয়াৰ বাবে বিজেপি ত্যাগ কৰি বি এছ পিত যোগদান কৰিছে। বি এছ পিয়ে তেওঁক গাজিয়াবাদ মহানগৰ বিধানসভা সমষ্টিৰ পৰা টিকট দিছে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এইগৰাকী নেতাক গুৰু দায়িত্ব অৰ্পণ কৰিছিল। নিৰ্বাচনী আচৰণ বিধি ঘোষণা কৰাৰ পূৰ্বে বিজেপিয়ে সকলো চহৰতে জনসাধাৰণৰ আস্থা যাত্ৰা উলিয়ায়।কে কে শুক্লাক এই ভ্ৰমণসূচীৰ পশ্চিম উত্তৰ প্ৰদেশৰ আঞ্চলিক আহ্বায়কৰ দায়িত্ব প্ৰদান কৰিছিল।