উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। আজি পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পক্ৰিয়া। ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া অন্ত পৰাৰ লগে লগে দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিব।
উত্তৰ প্ৰদেশত আজি ৯খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬কোটি ভোটাৰে।
আজি নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাসমূহৰ ভিতৰত আছে বাৰাণসী, চান্দৌলি, ভাদোহী, মিৰ্জাপুৰ, ৰবাৰ্টছগঞ্জ, গাজীপুৰ, মৌ, আজমগড় আৰু জৌনপুৰ। তথ্য অনুসৰি, সপ্তম পৰ্যায়ত ৭৫ গৰাকী মহিলাকে ধৰি মুঠ ৬১৩ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ধাৰণ কৰা হ’ব। ৪০৩ খন আসনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম ছটা পৰ্যায়ত ৰাজ্যখনৰ ৩৪৯ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব।