শিক্ষানুষ্ঠানত হিজাব পৰিধান সম্পৰ্কীয় গোচৰৰ শুনানি ১০ দিন ধৰি গ্ৰহণ কৰাৰ পিছত ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছে উচ্চতম ন্যায়ালয়। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কৰা আৱেদনৰ ৰায়ৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্ত আৰু ন্যায়াধীশ সুধাংশু ধুলিয়াৰে গঠিত দুজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে কৰ্ণাটক চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ আৰু কৰ্ণাটক চৰকাৰৰ এডভোকেট জেনেৰেল প্ৰভুলিং কে নাভাদগিয়ে।
আনহাতে আৱেদনকাৰী মুছলিম ছাত্ৰীসকলৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল প্ৰখ্যাত আইনজ্ঞ ছলমান খুৰশ্বিদ আৰু দুষ্যন্ত ডাভেই। মন কৰিবলগীয়া যে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাপ পৰিধান কৰা অধিকাৰ সম্পৰ্কীয় এই বিতৰ্কৰ আঁৰত PFI জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কৰ্ণাটক চৰকাৰে। কিন্তু শুনানিৰ সময়ছোৱাত এই অভিযোগৰ বিষয়টোক আওকান কৰে ন্যায়ালয়ে।