দিল্লী উচ্চ ন্যায়ালয় বৰ্ণবৈষম্যৰ বলি হোৱা লোকে উপাধি সলনি কৰিব পাৰিব বুলি ৰায় দিয়ে। উল্লেখ্য যে, দিল্লীত চি বি এচ চি ব’ৰ্ডৰ অন্তৰ্গত দুটি অনুসূচিত জাতিৰ শিক্ষাৰ্থীয়ে নিজৰ পিতৃৰ উপাধি সলনি কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। আৰু সেই আৱেদনৰ ভিত্তিত সংবিধানৰ ২১ নং দফাৰ আধাৰত ন্যায়ালয়ে দিয়া মন্তব্য অনুসৰি, এতিয়াৰে পৰা কোনো লোকে বৰ্ণ বৈষম্যৰ সন্মুখীন হ’লে নিজৰ উপাধি সলনি কৰিব পাৰিব।
ন্যায়ালয়ৰ এই সিদ্ধান্ত প্ৰশংসনীয় যদিও এই সিদ্ধান্তই পৰৱৰ্তী সময়ত বৰ্ণ বৈষম্য কিদৰে ৰোধ কৰিব সেইয়া সন্দেহৰ আৱৰ্তত।