ইউক্ৰেইনত ধ্বংসলীলা চলোৱা ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰিলে পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে এগৰাকী লোকে। পুটিনক মূৰৰ ওপৰত এই ৭.৫কোটি টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে এলেক্স কল্যানকীন (Alex Konanykhin) নামৰ এগৰাকী লোকে।
উল্লেখ্য যে, কোনো বিদেশী লোকে পুটিনৰ হত্যা কৰিব বিচৰা নাই, বিচাৰিছে ৰাছিয়াৰ এজন নাগৰিকেহে। এই সন্দৰ্ভত লোকজনে ছচিয়েল মিডিয়াত এক পোষ্টো শ্বেয়াৰ কৰিছে।
Alex Konanykhin নামৰ এগৰাকী লোক ছচিয়েল মিডিয়াত লিখিছে- মই প্ৰতিশ্ৰুতি দিছো যে, যিজন লোকে সাংবিধানিক ভাৱে নাইবা যুদ্ধ অপৰাধী হিচাপে পুটিনক গ্ৰেপ্তাৰ বা হত্যা কৰিব তেওঁক $ ১,000,000 পুৰষ্কাৰ প্ৰদান কৰা হব।