নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দুৰ্বৃত্তৰ আক্ৰমণ ৷
বুধবাৰে নন্দীগ্ৰামত প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷
বৰ্তমান কলিকতাৰ SSKM হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে মমতা বেনাৰ্জী ৷
আক্ৰমণৰ ফলত ভৰিত গুৰুতৰভাৱে আঘাত পাইছে মমতা বেনাৰ্জীয়ে ৷
আগন্তুক ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত ৰখা হ’ব বুলি জনাইছে চিকিৎসকে ৷
মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে পশ্চিমবংগ চৰকাৰে গঠন কৰিছে ৫জনীয়া চিকিৎসকৰ দল ৷
ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা, আৰু কৈলাস বিজয়বৰ্গীয়ৰ দৰে নেতা আক্ৰমণৰ বলি হৈছিল পশ্চিম বংগত ৷
photo: Google