পশ্চিম গুৱাহাটী সমষ্টিৰ ফটাশিল আমবাৰীৰ মাদ্রাজী কলনীত ৯ ডিচেম্বৰৰ নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৫৮ পৰিয়ালক জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনে সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ সহযোগত কেইবাটাও দল-সংগঠনে ক্ষতিগ্রস্ত পৰিয়ালসমূহক খাদ্য-সামগ্রী, পানী, বাচন-বৰ্তন, কাপোৰ, কম্বল, প্লাষ্টিককে ধৰি প্ৰয়োজনীয় সামগ্রী প্ৰদান কৰে। ইতিমধ্যে জিলা প্ৰশাসনে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৫৮ টা পৰিয়ালৰ শিশু, মহিলা, বৃদ্ধকে ধৰি মুঠ ২৩৮ জন গৃহহীন লোকক কিছু নিলগত থকা হাৰিয়ানা ভৱনত থকা – মেলাৰ ব্যৱস্থা কৰিছে।
আনহাতে কালি পুৱাৰে পৰা হাৰিয়ানা ভৱনত আশ্ৰয় লৈ থকা লোক সকলক স্বেচ্ছাসেৱী সংগঠন “অমৃত ভোগ ভাণ্ডাৰা”ই দিনে নিশাই ৰন্ধা খাদ্যৰ যোগান ধৰি আছে। সংগঠনটোৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক এই কাৰ্যত সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা , হাৰিয়ানা চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ সুৰেন্দ্ৰ গোৱেলকে ধৰি কেবাজনো সহৃদয়বান লোকে।
আনহাতে শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি প্ৰতিটো পৰিয়ালতে নিগমৰ তৰফৰ পৰা ২৫ হাজাৰকৈ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে। ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অধিকাংশই পৌৰ নিগমৰ কৰ্মচাৰী হোৱা বাবে প্ৰতিগৰাকী কৰ্মচাৰীক দুমাহৰ দৰমহা আগতীয়াকৈ আদায় দিয়াৰ ব্যৱস্থা লোৱা বুলিও মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে। এসপ্তাহৰ ভিতৰতে কৰ্মচাৰীসকলে এই দৰমহা আদায় পাব বুলিও কৰ্মচাৰীসকলক আশ্বাস দিয়ে। আনহাতে বিগত দুটা দিনত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল , স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আৰ এছ এছৰ ক্ষেত্ৰীয় প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, মহানগৰ সমিতিৰ সংঘচালক গুৰুপ্ৰসাদ মেধি, জিলা উপায়ুক্ত পল্লব গোপাল ঝাকে ধৰে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে হাৰিয়ানা ভৱনত আশ্ৰয় লৈ থকা ভুক্তভোগী লোকসকলৰ বুজ লৈছে। ইফালে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।