স্কুল-কলেজত হিজাব পৰিধানক লৈ কৰ্ণাটকত তীব্ৰ বিতৰ্ক চলি আছে। কৰ্ণাটকৰ উডুপিত এখন মহাবিদ্যালয়ত হিজাব কলেজৰ ইউনিফৰ্মৰ পোছাক নহয় বুলি একাংশ ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ পিছৰে পৰা এই বিতৰ্কই আদালতৰ মজিয়া পাইছেগৈ। একাংশ ছাত্ৰই আনকি জাতীয় পতাকাৰ ঠাইত গেৰুৱা পতাকা লগোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। শেহতীয়াকৈ এনে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও হিজাব বিতৰ্কৰ বিষয়ে মুখ খুলিছে। তেওঁ কয় যে, কোনে কি পিন্ধিব সেয়া তেওঁৰ ব্যক্তিগত বিবেচনাৰ বিষয়। প্ৰিয়ংকা গান্ধীয়ে টুইটযোগে ভাৰতৰ কৰ্ণাটক ৰাজ্যত প্ৰতিবাদ কৰি থকা মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সমৰ্থন জনাইছে। এক টুইটযোগে প্ৰিয়ংকা গান্ধীয়ে কয় যে কাৰো ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিব নোৱাৰি।
তেওঁ মহিলাৰ অধিকাৰ বন্ধ কৰিবলৈ আহ্বান জনাই টুইট কৰিছিল এইদৰে- “বিকিনি, জিন্স বা হিজাব হওক, এগৰাকী মহিলাই কি পিন্ধিব বিচাৰে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। এই অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা নিশ্চিত। মহিলাৰ উৎপীড়ন বন্ধ কৰক।”
উল্লেখ্য, কৰ্ণাটকৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰেও বিদ্যালয়ত হিজাব পৰিধান কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। হিজাবে চুইছে পাকিস্তানৰ ৰাজনৈতিক মঞ্চও। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীৰ পৰা নোবেল বঁটা জয়ী মালালা ইউছুফজায়ো মত প্ৰকাশ কৰিছে।