NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ সন্দৰ্ভত ৰাম গোপাল বাৰ্মাই টুইট কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাই দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে শীঘ্ৰেই অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব পাৰে।
তেলেংগানাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ নেতা জি নাৰায়ণ ৰেড্ডীয়ে থানাত এজাহাৰ দাখিল কৰি দাবী কৰিছে যে ৰাম গোপাল বৰ্মাই টুইটাৰত NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।
If DRAUPADI is the PRESIDENT who are the PANDAVAS ? And more importantly, who are the KAURAVAS?
— Ram Gopal Varma (@RGVzoomin) June 22, 2022
ৰাম গোপাল বৰ্মাই টুইট কৰি কৈছিল যে, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল কৌৰৱসকল কোন? প্ৰমাণ হিচাপে বিজেপি নেতাজনে টুইটটো আৰক্ষীক অৰ্পণ কৰিছে।
লগতে জি নাৰায়ণ ৰেড্ডীয়ে আৰক্ষীক অনুসূচিত জাতি / জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈও আহ্বান জনাইছে। ৰাম গোপাল বৰ্মাক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৰেড্ডীয়ে। আইনী মতামত লাভ কৰাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এনে মন্তব্য কৰা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক টি ৰাজা সিঙে।
This was said just in an earnest irony and not intended in any other way ..Draupadi in Mahabharata is my faviourate character but Since the name is such a rarity I just remembered the associated characters and hence my expression. Not at all intended to hurt sentiments of anyone https://t.co/q9EZ5TcIIV
— Ram Gopal Varma (@RGVzoomin) June 24, 2022
অৱশ্যে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাই ইয়াৰ পিছত এটা টুইট কৰি কৈছে যে, এইটো কেৱল এক সহজ ধেমালিত কোৱা হৈছিল আৰু তাৰ বাহিৰে আন কোনো ধৰণৰ বেয়া অভিপ্ৰায় নাছিল। মহাভাৰতৰ দ্ৰৌপদী মোৰ প্ৰিয় চৰিত্ৰ কিন্তু যিহেতু নামটো ইমান দুৰ্লভ, মই মাত্ৰ সংশ্লিষ্ট চৰিত্ৰবোৰ মনত ৰাখিছিলো আৰু সেয়েহে মোৰ অভিব্যক্তি প্ৰকাশ কৰিছিলো। কাৰো অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যে মোৰ একেবাৰে নাছিল।