ৰাজ্যত সঘনাই মৃত্যুমুখত পৰিছে বন্যহস্তী। ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে বন্যহস্তীৰ ৰহস্যজনক মৃত্যু। অলপতে পলাশবাৰীৰ মালিয়াটা পাহাৰৰ সমীপৰ কামাখ্যা-যোগীঘোপা ৰেলপথৰ গোঁসাইহাট উপাৰপাৰাত তীব্ৰ বেগী ৰেলে মহতিয়াই লৈ যায় এটা বন্যহস্তী। থিতাতে নিহত হয় ৬-৭ বছৰীয়া মতা হাতীটোৰ। এই কৰুণ ঘটনাৰ কিছুসময় পিছত ৰেলখন কিছু যান্ত্ৰীক বিজুতি হোৱাত অন্য ইঞ্জিনেৰে ৰেলখন লৈ যোৱা হয়। ঘটনাস্থলীত চুবুৰীয়া গাওঁৰ ৰাইজে আহি নিশা ৰেললাইনৰ পৰা মৃত হাতীটো ৰেলপথৰ কিছু আতৰত নিৰাপদ স্থানত থৈ বন বিভাগক খবৰ দিয়ে। স্থানীয় লোকৰ ভাষ্য অনুসৰি আন এটা বন্যহস্তী আহত হোৱাৰ সন্দেহ। আহত বন্যহস্তীটোৱে মালিয়াটা পাহাৰত সম্প্ৰতিও বিচৰন কৰি থকা সন্দেহ ব্যক্ত কৰিছে। উল্লেখ্য যে বিগত কেইমাহ ধৰি ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক এটাই উক্ত অঞ্চলত প্ৰৱেশ কৰি প্ৰায়েই উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে বন বিভাগৰ নৈশ পহৰাৰ অভাৱত এই হৃদয়বিদাৰক ঘটনা সংঘটিত হবলৈ পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।